তেজপুৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী, তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ দক্ষ বায়ন মহেন্দ্ৰ শইকীয়াৰ বিয়োগ, শেষকৃত্য সম্পন্ন
বিভিন্ন ব্যক্তি -অনুষ্ঠানৰ শোক প্ৰকাশ শোণিতপুৰ, ২২ আগষ্ট (হি.স.) । তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী তথা বৃহত্তৰ অঞ্চলটোৰ এগৰাকী দক্ষ বায়ন, সৰবৰহী সমাজকৰ্মী, বৈষ্ণৱ মহেন্দ্ৰ শইকীয়া দেৱৰ বাৰ্ধক্যজনিত ৰোগত শুকুৰবাৰে বিয়োগ ঘটাত অঞ
তেজপুৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী, তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ দক্ষ বায়ন মহেন্দ্ৰ শইকীয়াৰ বিয়োগ, শেষকৃত্য সম্পন্ন


বিভিন্ন ব্যক্তি -অনুষ্ঠানৰ শোক প্ৰকাশ

শোণিতপুৰ, ২২ আগষ্ট (হি.স.) । তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী তথা বৃহত্তৰ অঞ্চলটোৰ এগৰাকী দক্ষ বায়ন, সৰবৰহী সমাজকৰ্মী, বৈষ্ণৱ মহেন্দ্ৰ শইকীয়া দেৱৰ বাৰ্ধক্যজনিত ৰোগত শুকুৰবাৰে বিয়োগ ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে । ৮৩ বছৰ বয়সত সকলোকে কন্দুৱাই পৰলোকপ্ৰাপ্তি ঘটা মহেন্দ্ৰ শইকীয়া অঞ্চলটোৰ ৰাস -ভাওনাৰ লগতে আন বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী দক্ষ খোলবাদক হিচাপে পাৰদৰ্শিতাৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ পিছত পৰৱৰ্ত্তী সময়ত এগৰাকী স্বীকৃতি প্ৰাপ্ত মূল বায়ন হিচাপে বিভিন্ন নামঘৰৰ ভাওনাৰ লগতে ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰো এগৰাকী বায়ন হিচাপে দক্ষতাৰ পৰিচয় দি আহিছিল ।

উল্লেখ্য যে মহাপুৰুষ গৰাকীৰ অমৰ সৃষ্টিৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবেই আৰক্ষী বিভাগৰ চাকৰি লাভ কৰিও ভাওনাত খোল বজোৱাৰ হেপাহৰ বাবেই চাকৰি ত্যাগ কৰি জিৱিকা নিৰ্বাহৰ বাবে অন্য পথ বাচি লৈ কিছুদিন ককায়েক সকলৰ লগত ঠিকা কামতো আত্মনিয়োগ কৰিছিল । স্কুলীয় অৱস্থাৰ পৰাই খোল বজাই ভাল পোৱা মহেন্দ্ৰ শইকীয়াই নিজা চুবুৰিৰ বায়নৰ দায়িত্ব লৈ বহু ভাওনা পৰিচালনা কৰিছিল । প্ৰয়াত শইকীয়াই মিলনপুৰ শইকীয়া চুবুৰিৰ উপৰিও ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰো বায়ন হিছাপে দায়িত্ব পালন কৰি আহিছিল।

দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ থকা শইকীয়া দেৱৰ কালি পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, মিলনবাকৰি ৰাস মহোৎসৱ সমিতি, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সুন্দৰম সাংস্কৃতিক গোষ্ঠীৰ সভাপতি পংকজ বৰুৱা, নাট্যকাৰ-পৰিচালক দিগন্ত কুমাৰ ভূঞা, শইকীয়া চুবুৰি ৰাইজ, হাবিয়াল বুঢ়াডাঙৰীয়া থান পৰিচালন সমিতিয়ে শোকপ্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মিলনপুৰ বিভিন্ন অঞ্চলৰ ৰাইজে প্ৰয়াত শইকীয়াৰ নশ্বৰ দেহ খোল তাল বজাই শোভাযাত্ৰা কৰি শইকীয়া চুবুৰিৰ নামঘৰলৈ নি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত মিলনপুৰ শ্মশানঘাটত শেষকৃত সম্পন্ন কৰা হয় ।

মৃত্যুৰ সময়ত প্ৰয়াত শইকীয়াই তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লগতে বিভিন্ন অনুষ্ঠানৰ সুদক্ষ আলোক শিল্পী পুত্ৰ উজ্জ্বল শইকীয়া, বোৱাৰী, জীয়ৰী, নাতিক এৰি যায় ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande