
শ্ৰীভূমি, ২২আগষ্ট (হি.স.)। শ্ৰীভূমি জিলাৰ মক্কেৰগুল গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৫৬৮ নম্বৰ মক্কেৰগুল প্ৰাথমিক বিদ্যালয়ৰ কাষত খেতি পথাৰত ৰাইজে প্ৰত্যক্ষ কৰে যুৱতীৰ গেলা পচা মৃতদেহটো । কিছুদিন পূৰ্বে যুৱতী গৰাকীক কুকৰ্ম কৰি পথাৰত হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ।
আজি পুৱাৰ ভাগত খেতিপথাৰত গৈ এজন লোকে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা