
গোলাঘাট, ২২ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত যোৱা কালি শুকুৰবাৰে সন্ধিয়া পুনৰ কুকুৰৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয় । এইবাৰ এটা কুকুৰে আক্ৰমণ কৰে এজন পুৰুষক । দেৰগাঁও ভকতীয়া গাঁৱত সংঘটিত হয় এই ঘটনা ।
এটা পোহনীয়া কুকুৰে সত্যজিৎ বৰা নামৰ ৫৪ বছৰীয়া ব্যক্তিক ভৰিত উপৰ্যুপৰি কামোৰে গৃহস্থৰ সন্মুখতেই । ৩৪ টাকৈ চিলাই পৰে ব্যক্তি জনৰ ভৰিত।দুদিন পূৰ্বে এগৰাকী লোকপিয়লৰ কামত নিয়োজিত মহিলাক এটা জাৰ্মান ছেফাৰ্ড (german shepherd) কুকুৰে কামুৰি গুৰুতৰ ভাবে আঘাত কৰিছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ