
গোলাঘাট, ২২ আগষ্ট (হি.স.): গোলাঘাটত ধনশিৰিৰ বলীয়া বানে বিধ্বস্ত কৰিলে বহু কৃষকৰ কৃষিভূমি । খুমটাইৰ ধনশিৰি পৰীয়া কৃষক ৰাইজৰ জীৱিকাৰ একমাত্ৰ সাধন বহু শস্য আৰু পাচলিৰ খেতি ।
আধাৰ সত্ৰৰ ধনশিৰি নদীৰ পাৰৰ চাপৰিত প্ৰায় অৰ্ধশতাধিক খেতিয়কে বিঘাই বিঘাই মাটিত অশেষ পৰিশ্ৰম আৰু কষ্টৰ বিনিময়ত কৰিছিল জাতিলাউ, কোমোৰা, জিকা, তৰি আদি বিভিন্ন পাচলিৰ খেতি । কিন্তু এইবোৰ নদন বদন হৈ পৰাৰ পিছতেই ধনশিৰিৰ সংহাৰী বানে সকলো নষ্ট কৰি পেলোৱাত এতিয়া মূৰে কপালে হাত দিছে খেতিয়কসকলে । এইক্ষেত্ৰত কৃষি বিভাগ আৰু চৰকাৰক ক্ষতিপূৰণ বিচাৰি আবেদন জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ