নয়ডাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উদ্বোধন কৰিলে ডায়েগনষ্টিক চেণ্টাৰ
নয়ডা, ২২ আগষ্ট (হি.স.)। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে নয়ডাৰ চেক্টৰ-৬স্থিত ইন্দিৰা গান্ধী কলা কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ সময়ত তেওঁ ৭৫ নং ছেক্টৰত মহাজন ইমেজিং এণ্ড লেবছ ডায়েগনষ্টিক চেণ্টাৰ উদ্বোধন কৰে। ইয়াৰ
डायग्नोसिस सेंटर के उद्घाटन के अवसर पर मौजूद केंद्रीय रक्षा मंत्री राजनाथ सिंह की फोटो


নয়ডা, ২২ আগষ্ট (হি.স.)। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে নয়ডাৰ চেক্টৰ-৬স্থিত ইন্দিৰা গান্ধী কলা কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ সময়ত তেওঁ ৭৫ নং ছেক্টৰত মহাজন ইমেজিং এণ্ড লেবছ ডায়েগনষ্টিক চেণ্টাৰ উদ্বোধন কৰে।

ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী নয়ডাত উপস্থিত হোৱাৰ লগে লগে মহাজান ইমেজিং এণ্ড লেবছৰ কাৰ্যবাহী সঞ্চালক ঋতু মহাজন আৰু সঞ্চালক হৰ্ষ মহাজনে তেওঁক আদৰণি জনায়। অনুষ্ঠানৰ সময়ত শিৱানী বৰ্মাই কথক নৃত্য প্ৰদৰ্শন কৰে।

প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। তেওঁৰ সুৰক্ষাৰ বাবে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল। মসৃণ যাতায়তৰ প্ৰবাহ বজাই ৰাখিবলৈ কিছুমান পথত ৰুট ডাইভাৰচনো ৰূপায়ণ কৰা হৈছিল।

এই অনুষ্ঠানত সংসদৰ সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড° মহেশ শৰ্মাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande