
চণ্ডীগড়, ২২ আগষ্ট (হি.স.)। ভাৰতীয় বেগী বলাৰ আৰ্শদীপ সিঙে কয় যে শ্বেৰ-ই-পাঞ্জাব টি-২০ লীগ পঞ্জাৱৰ যুৱ ক্ৰিকেটাৰসকলৰ বাবে এক সুন্দৰ মঞ্চ হ’ব। তেওঁ কয় যে এই প্ৰতিযোগিতাখনে পঞ্জাৱৰ পৰৱৰ্তী প্ৰজন্মৰ ক্ৰিকেটাৰসকলক গ্ৰুমিং কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
চণ্ডীগড়ৰ আই এছ বিন্দ্ৰা ষ্টেডিয়ামত অহা ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব শ্বেৰ-ই-পাঞ্জাব টি-২০ লীগ ২০২৬। ছটা দলে খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, আৰু পঞ্জাৱৰ বহু প্ৰতিভাৱান ক্ৰিকেটাৰে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহৰ ভিতৰত আছে লুধিয়ানা লায়ন্স, যিয়ে ভাৰতীয় ক্ৰিকেট দলৰ বাওঁহাতৰ বেগী বলাৰ আৰ্শদীপ সিঙক মাৰ্কি খেলুৱৈ হিচাপে নিৰ্বাচিত কৰিছে। প্ৰতিযোগিতাখনৰ অংশ হ’বলৈ পাই আনন্দিত হৈ পৰা বেগী বলাৰগৰাকীয়ে লায়ন্সক প্ৰতিনিধিত্ব কৰিবলৈ উৎফুল্লিত হৈ পৰিছে।
টুৰ্ণামেণ্ট আৰু তেওঁৰ প্ৰস্তুতিৰ বিষয়ে কোৱাৰ সময়ত আৰ্শদীপে এক বিবৃতিত কয় যে, শ্বেৰ-ই-পাঞ্জাব টি-২০ লীগৰ অংশ হ'বলৈ পাই বৰ ভাল লাগিল। প্ৰতিযোগিতাখনক লৈ লুধিয়ানা লায়ন্স আৰু এই যাত্ৰাৰ অংশ হ'বলৈ পাই সঁচাকৈয়ে উৎসাহিত হৈছো। প্ৰস্তুতি এতিয়ালৈকে বৰ ভাল হৈছে। আমি বহু সময় খৰচ কৰিছো আমাৰ দক্ষতাৰ ওপৰত কাম কৰি, বুজি পাইছো। আমাৰ ভূমিকা, আৰু বিভিন্ন মেচৰ পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলোৱা।
লুধিয়ানা লায়ন্সৰ শিবিৰৰ ইতিবাচক পৰিৱেশৰ কথাও উল্লেখ কৰে আৰ্শদীপে, য’ত খেলুৱৈসকলে প্ৰস্তুতিৰ সময়ত ইজনে সিজনক উৎসাহিত কৰে। তেওঁ কয়, অভ্যাসৰ সময়ত সকলো খেলুৱৈয়ে গুৰুত্বসহকাৰে প্ৰস্তুতি চলাই আছে, আৰু দলৰ ভিতৰত সুস্থ প্ৰতিযোগিতা থাকে। যিকোনো দলৰ বাবে এইটো সদায় এটা ভাল লক্ষণ। আমি বিভিন্ন মেচৰ পৰিস্থিতিৰ ওপৰতো কাম কৰিছো। টি-২০ ক্ৰিকেটত পৰিস্থিতি দ্ৰুতগতিত সলনি হয়। এটা অভাৰ, এটা অংশীদাৰিত্ব, বা এটা উইকেটে সমগ্ৰ খেলখন সলনি কৰিব পাৰে। এনে পৰিস্থিতিত দলটোৱে প্ৰতিটো পৰিস্থিতিৰ বাবে সাজু হৈ থকা আৰু হেঁচাত পৰি সঠিক সিদ্ধান্ত লোৱাত মনোনিৱেশ কৰিছে।
এই প্ৰতিযোগিতাত বহু উৎকৃষ্ট খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আৰম্ভণিৰে পৰাই এই প্ৰতিযোগিতা কঠিন হ’ব বুলি আৰ্ষদ্বীপৰ বিশ্বাস। অৱশ্যে তেওঁ অনুভৱ কৰে যে বেছি আগলৈ চিন্তা নকৰি প্ৰতিখন মেচতে মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ। তেওঁ কয়, প্ৰতিযোগিতা কঠিন হ'ব কাৰণ প্ৰতিটো দলতে ভাল খেলুৱৈ থাকে। টি-২০ ক্ৰিকেটৰ কোনো মেচ সহজ নহয়, গতিকে আমি প্ৰথমখন মেচৰ পৰাই আমাৰ শ্ৰেষ্ঠখিনি দিব লাগিব। আমি বেছি দূৰলৈ চিন্তা কৰিব নিবিচাৰো। আমাৰ মনোযোগ এটা এটাকৈ মেচত থাকিব, আমাৰ পৰিকল্পনা কাৰ্যকৰী কৰা, আৰু প্ৰতিযোগিতাখন আগবাঢ়ি যোৱাৰ লগে লগে উন্নতিৰ ওপৰত। যদি আমি ভাল খেলি যাওঁ আৰু আমাৰ পৰিকল্পনাত অটল থাকিম, তেন্তে আমি আশা কৰিছো যে আমাৰ এটা ভাল অভিযান হ'ব।
এই লীগক ৰাজ্যৰ যুৱ ক্ৰিকেটাৰসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ বুলি অভিহিত কৰে আৰ্শদীপে। তেওঁৰ মতে অভিজ্ঞ ক্ৰিকেটাৰৰ সৈতে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰি যুৱ খেলুৱৈসকলে বহু কথা শিকিব। তেওঁ কয় যে জ্যেষ্ঠ খেলুৱৈসকলে অনুশীলন কৰা, মেচৰ বাবে প্ৰস্তুতি চলোৱা, চাপৰ পৰিস্থিতি চম্ভালি লোৱাটো চোৱাটোৱে যুৱ খেলুৱৈৰ বিকাশত অতি সহায়ক হ’ব পাৰে।
তেওঁ লগতে কয় যে লীগৰ সফলতা কেৱল কোনটো দলে ট্ৰফী জয় কৰে তাৰ দ্বাৰা জুখিব নালাগে, বৰঞ্চ কিমানজন যুৱ খেলুৱৈয়ে নিজৰ স্থান দখল কৰাৰ সুযোগ পায় তাৰ ওপৰতো জুখিব লাগে। আৰ্শদীপৰ মতে, পঞ্জাৱত সদায় প্ৰতিভাৱান ক্ৰিকেটাৰ সৃষ্টি হৈছে, আৰু এই লীগে যদি অধিক যুৱকক তেওঁলোকৰ কেৰিয়াৰৰ পৰৱৰ্তী পদক্ষেপ লোৱাত সহায় কৰে তেন্তে সেয়া এক ডাঙৰ কৃতিত্ব হ’ব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ