গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ সোঁৱৰণী অসমৰ স্বাধীনতা সংগ্ৰামৰ যাদুঘৰ,মহাফেজখানা আৰু গৱেষণা কেন্দ্রটোত বৰ্তমান গোহালী সদৃশ পৰিবেশ
গোলাঘাট, ২২ আগষ্ট (হি.স.)। এইবাৰ শ্বহীদ কুশল কোঁৱৰক অপমান। চুড়ান্ত অপমান স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদ গৰাকীক। ২০০৫ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে গোলাঘাটৰ জিলা পুথিভড়ালৰ চৌহদত নিৰ্মান কৰা শ্বহীদ কুশল কোঁৱৰ সোঁৱৰণী অসমৰ স্বাধীন সংগ্ৰামৰ য
গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ সোঁৱৰণী অসমৰ স্বাধীনতা সংগ্ৰামৰ যাদুঘৰ,মহাফেজখানা আৰু গৱেষণা কেন্দ্রটোত বৰ্তমান গোহালী সদৃশ পৰিবেশ


গোলাঘাট, ২২ আগষ্ট (হি.স.)। এইবাৰ শ্বহীদ কুশল কোঁৱৰক অপমান। চুড়ান্ত অপমান স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদ গৰাকীক।

২০০৫ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে গোলাঘাটৰ জিলা পুথিভড়ালৰ চৌহদত নিৰ্মান কৰা শ্বহীদ কুশল কোঁৱৰ সোঁৱৰণী অসমৰ স্বাধীন সংগ্ৰামৰ যাদুঘৰ,মহাফেজখানা আৰু গৱেষণা কেন্দ্রটোত বৰ্তমান গোহালী সদৃশ পৰিবেশ।

নামত যাদুঘৰ, মহাফেজখানা আৰু গৱেষণা কেন্দ্রটোত বৰ্তমানলৈকে একোৱে নহল সেয়াটো অতি পৰিতাপৰ কথা। আটাইতকৈ লক্ষণীয় কথাটো হল যে শ্বহীদ গৰাকীৰ নামত থকা এই ভৱনটো মকৰাৰ জালেৰে আবৰি থকাৰ লগতে জাবৰৰ দম আৰু পিক দানীত পৰিণত হৈছে। ভৱনটোৰ বহু অংশত ফাট মেলাৰ লগতে চৌহদত থকা শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমুৰ্ত্তিটো অপৰিস্কাৰ হৈ আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande