
গান্ধীনগৰ, ২২ আগষ্ট (হি.স.)। আমেৰিকা ভ্ৰমণৰ সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে নিউয়ৰ্কত বিশ্বব্যাপী কোম্পানীসমূহৰ প্ৰতিনিধিৰ সৈতে এজন এজনকৈ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে জে পি মৰ্গান, টিলমেন গ্ল’বেল হোল্ডিংছ, উবেৰ, আৰু গ’লুব কেপিটেলৰ প্ৰতিনিধিৰ সৈতে এজন এজনকৈ বৈঠকত মিলিত হয়। তেওঁ আই বি এম ৰিচাৰ্চলৈও গৈছিল।
মুখ্যমন্ত্ৰী পেটেলৰ নেতৃত্বত আমেৰিকালৈ যোৱা প্ৰতিনিধি দলটোৱে ৰাজ্যখনৰ উন্নয়নক বিশ্বৰ পুঁজি, অত্যাধুনিক প্ৰযুক্তি, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সৈতে সংযোগ কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। এই বৈঠকসমূহৰ সময়ত গুজৰাটত বিশ্ব বিনিয়োগ, অত্যাধুনিক প্ৰযুক্তি, কৌশলগত ঔদ্যোগিক বিকাশ, গৱেষণা, আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। ইয়াৰ ফলত ৰাজ্যখনৰ উন্নয়নৰ আৰ্হিক বিশ্ব অৰ্থনীতিৰ সৈতে সংযোগ কৰাৰ সম্ভাৱনা আৰু প্ৰযুক্তি খণ্ডত নতুন সুযোগৰ সম্ভাৱনা অধিক শক্তিশালী হৈছে।
গিফ্ট চিটিক বিশ্বব্যাপী বিত্তীয় কেন্দ্ৰ হিচাপে অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে জে পি মৰ্গানৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীয়ে বৈঠকত মিলিত হয়। জে পি মৰ্গানে গিফ্ট চিটিৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰবাৰ প্ৰকাশ কৰে আৰু ইয়াত নিজৰ উপস্থিতি আৰু ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাসে জিফ্ট চিটিক বিশ্বৰ অন্যতম আগশাৰীৰ বিত্তীয় কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
গোলুব কেপিটেলৰ নিউয়ৰ্কস্থিত সহ-সভাপতি জেৰী কিফৰ সৈতেও মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত মিলিত হয়। কোম্পানীটোৱে গিফ্ট চিটিত বিনিয়োগ কৰাৰ লগতে বেংকিং, বীমা, আৰু বিনিময় খণ্ডৰ বিশ্বব্যাপী অংশীদাৰসকলক গিফ্ট চিটিৰ প্লেটফৰ্মৰ সৈতে সংযোগ কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। ইফালে টিলমেন গ্ল’বেল হোল্ডিংছৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সঞ্জীৱ আহুজাৰ সৈতে হোৱা বৈঠকত গুজৰাটৰ সক্ৰিয় নীতিৰ প্ৰশংসা কৰা হয়। বিশেষকৈ গুজৰাটৰ প্ৰগতিশীল ডাটা চেণ্টাৰ নীতিক উদ্যোগটোৰ বাবে অনুকূল বুলি অভিহিত কৰা হৈছিল।
অনুকূল নীতিগত পৰিৱেশ আৰু চৰকাৰ-উদ্যোগৰ শক্তিশালী সহযোগিতাই ডাটা চেণ্টাৰ খণ্ডৰ বৃদ্ধি আৰু অধিক ত্বৰান্বিত কৰিব পাৰে বুলি বৈঠকত গুৰুত্ব আৰোপ কৰে। ইয়াৰ ফলত ঢোলেৰাৰ পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল আন্তঃগাঁথনিৰ বাবে বিশ্বব্যাপী হাব হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাও শক্তিশালী হয়।
উবেৰে গুজৰাটৰ টায়াৰ-২ আৰু টিয়াৰ-৩ চহৰলৈ সেৱা সম্প্ৰসাৰণৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া চহৰসমূহৰ যাতায়ত আৰু সংযোগৰ ক্ষেত্ৰত উন্নতি সাধন হ’ব বুলি আশা কৰা হৈছে। গুজৰাটৰ আগন্তুক বৃহৎ ক্ৰীড়া ইভেণ্টৰ সৈতেও অংশীদাৰিত্বৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে উবেৰে। ইয়াৰ ফলত খেলুৱৈ আৰু দৰ্শনাৰ্থীৰ বাবে সুলভ পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ নতুন সুযোগৰ সৃষ্টি হ’ব পাৰে।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী পেটেলে নিউয়ৰ্কৰ ইয়ৰ্কটাউন হাইটছত থকা আই বি এম ৰিচাৰ্চ ভ্ৰমণ কৰে। তাতেই তেওঁ কৃত্ৰিম বুদ্ধিমত্তা (AI), কোৱাণ্টাম কম্পিউটিং, অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত অত্যাধুনিক গৱেষণা আৰু উদ্ভাৱনৰ বিষয়ে জানিব পাৰে। তেওঁ ভাৰত আৰু গুজৰাটত গৱেষণা আৰু উন্নয়ন (আৰ এণ্ড ডি) সামৰ্থ্য শক্তিশালী কৰাৰ বাবে জ্ঞান বিনিময়, গভীৰ সহযোগিতা, আৰু উদ্ভাৱনৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে।
আমেৰিকা ভ্ৰমণৰ সময়ত বিশ্বৰ বিত্তীয় আৰু প্ৰযুক্তি কোম্পানীসমূহৰ সৈতে হোৱা এই গুৰুত্বপূৰ্ণ আলোচনাসমূহে গুজৰাটত বিনিয়োগৰ নতুন সুযোগ, ঢোলেৰাৰ ডাটা চেণ্টাৰ আৰু পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল আন্তঃগাঁথনি জিফ্ট চিটিৰ সম্প্ৰসাৰণ, আৰু এআই, কোৱাণ্টাম কম্পিউটিং, আৰু অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত সহযোগিতাৰ কথা উন্মোচন কৰিছে।
মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণে গুজৰাটৰ বিশ্বব্যাপী অংশীদাৰিত্বত এক নতুন মাত্ৰা সংযোজন কৰিছে। ভৱিষ্যতে বিনিয়োগ, নিয়োগ, অত্যাধুনিক প্ৰযুক্তি, গৱেষণা, উদ্ভাৱনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বাবে বিশাল সুযোগ মুকলি হ’ব বুলি আশা কৰা হৈছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ