আইন শৃংখলা ব্যৱস্থা বৰ্তাই ৰখাৰ প্ৰচেষ্টা, শ্বিলঙত চিআৰপিএফ, আৰএএফৰ ফ্লেগ মাৰ্চ
শ্বিলং, ২২ আগষ্ট (হি.স.)। অশান্ত জৰ্জৰ মেঘালয়। এতিয়া অশান্ত মেঘালয় তথা ৰাজধানী শ্বিলঙৰ আইন শৃংখলা ব্যৱস্থা বৰ্তাই ৰাখিবলৈ আজি চহৰ খনৰ মাজমজিয়াত চি আৰ পি এফ আৰু আৰ এ এফ (ৰেপিড একচন ফোৰ্চ)ৰ বিশাল বাহিনীয়ে ফ্লেগ মাৰ্চ কৰে। উল্লেখ্য যে অসমৰ পৰা যোৱা
আইন শৃংখলা ব্যৱস্থা বৰ্তাই ৰখাৰ প্ৰচেষ্টা, শ্বিলঙত চি আৰ পি এফ, আৰ এ এফৰ ফ্লেগ মাৰ্চ


শ্বিলং, ২২ আগষ্ট (হি.স.)। অশান্ত জৰ্জৰ মেঘালয়। এতিয়া অশান্ত মেঘালয় তথা ৰাজধানী শ্বিলঙৰ আইন শৃংখলা ব্যৱস্থা বৰ্তাই ৰাখিবলৈ আজি চহৰ খনৰ মাজমজিয়াত চি আৰ পি এফ আৰু আৰ এ এফ (ৰেপিড একচন ফোৰ্চ)ৰ বিশাল বাহিনীয়ে ফ্লেগ মাৰ্চ কৰে।

উল্লেখ্য যে অসমৰ পৰা যোৱা পৰ্য্যটকৰ গাড়ী তথা অসমৰ পঞ্জীয়ন নম্বৰ প্লেট থকা গাড়ীসমূহক লক্ষ্য কৰি যোৱা ১৯ আগষ্ট তাৰিখে খাছী ছাত্ৰ সন্থা চমুকৈ কে এছ ইউৰ নেতৃত্বত চলা এক প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা এদল উম্মত্ত প্ৰতিবাদকাৰীয়ে অসমৰ পৰা যোৱা গাড়ীসমূহক নিৰ্বিচাৰে আক্ৰমণ কৰাৰ লগতে গাড়ীৰ আইনা ভাঙি পৰ্যটকক মাৰধৰ কৰে। এই ঘটনাৰ পৰা কণমানি শিশুও ৰক্ষা পৰা নাই। উদণ্ড প্ৰতিবাদকাৰীৰ আক্ৰমণত এটি কণমানি শিশুৰ মুখতো আইনাই কটা ঘটনা সংঘটিত হৈছিল।

তেতিয়াৰে পৰা উভয় ৰাজ্যৰ সীমান্তত এক চেপা উত্তেজনাই বিৰাজ কৰি আছে। খাছী ছাত্ৰ সন্থাৰ হিংসাত্মক প্ৰতিবাদৰ প্ৰত্যুত্তৰত অসমৰো যোৰাবাটত বিগত তিনিদিন ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক আন্দোলন অব্যাহত ৰাখিছে। মেঘালয়ৰ ফালৰ পৰা অহা অসমৰ বাহনসমূহৰ বাদে মেঘালয়ৰ ৰেজিষ্ট্ৰেচন থকা বাহনসমূহক পুনৰ মেঘালয়লৈ ঘুৰাই পঠিয়াইছে প্ৰতিবাদকাৰী সংগঠন সমূহে।

বিভিন্ন চালক সংগঠন, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে দিনে নিশাই যোৰাবাটত আন্দোলনত বহি আছে আৰু আন বহু জাতীয় সংগঠন তথা স্থানীয় ৰাইজে এই প্ৰতিবাদী কাৰ্য্যসূচীক সমৰ্থন দিয়া পৰিলক্ষিত হৈছে।

ইফালে আজি মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰে মহানগৰীৰ কইনাধৰাত অসম চৰকাৰৰ প্ৰতিনিধিৰে উভয় ৰাজ্যতে শান্তি পৰিস্থিতি ঘূৰাই অনাৰ লগতে মেঘালয়ত অসমৰ পৰ্য্যটকসকলক যাতে নিৰাপত্তা নিশ্চিত কৰিব পাৰে সেই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'বলৈ কইনাধৰাত উপস্থিত হৈছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande