ৰহাৰ বিশিষ্ট যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহত চুৰিকাণ্ড
নগাও, ২২ আগষ্ট (হি.স.)। ৰহাৰ বিশিষ্ট যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহত চুৰিকাণ্ড। ৰহাৰ ডিমৌত চোৰে চলালে লুটপাট। চোৰৰ হাতৰ পৰা সাৰি নগ''ল অসমৰ বিশিষ্ট যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহও। স্পাইনেল মাস্কুলাৰ এট্ৰ''ফি (SMA) ৰোগত আক্ৰান্ত হৈয়ো
ৰহাৰ বিশিষ্ট যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহত চুৰিকাণ্ড


নগাও, ২২ আগষ্ট (হি.স.)। ৰহাৰ বিশিষ্ট যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহত চুৰিকাণ্ড। ৰহাৰ ডিমৌত চোৰে চলালে লুটপাট। চোৰৰ হাতৰ পৰা সাৰি নগ'ল অসমৰ বিশিষ্ট যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহও। স্পাইনেল মাস্কুলাৰ এট্ৰ'ফি (SMA) ৰোগত আক্ৰান্ত হৈয়ো প্ৰৱল ইচ্ছা আৰু শক্তিশালী মানসিক স্থিতিৰে জীৱন যুদ্ধত অৱৰ্তীৰ্ণ হৈ অসমীয়া সাহিত্যৰ ভৰাললৈ বহুকেইখন আপুৰুগীয়া গ্ৰন্থ সৃষ্টিৰে অৱদান আগবঢ়োৱা যুৱ সাহিত্যিক গৰাকী ঘৰত নথকাৰ সুযোগত শুক্ৰবাৰে নিশা চোৰে খিৰিকীৰ ৰড ভাঙি প্ৰৱেশ কৰে আৰু লুটি নিলে শৰ্মিষ্ঠাৰ সোণৰ গহণা সহ নগদ বিশ হাজাৰ টকা৷

স্বামী যুৱ লেখক প্ৰাঞ্জল কুমাৰ মহন্তই জনোৱা অনুসৰি, যোৱা শুকুৰবাৰে সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমৰ সৈতে ঔষধ আনিবলৈ বুলি দুয়ো ডিব্ৰুগড়লৈ গৈছিল আৰু শুক্ৰবাৰে নিশা প্ৰায় ১১ বজাত ঘৰত উপস্থিত হোৱাৰ পিচতেই সমস্ত ঘটনা পোহৰলৈ আহে। পাছত ৰহা আৰক্ষী আৰু নগাঁৱৰ পৰা ফকেনচিকৰ দল আহি ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত কৰে যদিও অদ্যপি কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই৷ এই চুৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande