বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আনুষ্ঠানিক অনুমোদন, অসমৰ ১৫ সংখ্যক চিকিৎসা মহাবিদ্যালয়
গুৱাহাটী, ২২ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ঘোষণা কৰে যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিক অনুমোদন প্ৰদান কৰি ১০০ জন এম বি বি এছ ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ অন
असम, नगालैंड और अरुणाचल प्रदेश के तीन दिवसीय दौरे पर मंगलवार को डिब्रूगढ़ पहुचे केंद्रीय स्वास्थ्य मंत्री जेपी नड्डा की तस्वीर।


গুৱাহাটী, ২২ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ঘোষণা কৰে যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিক অনুমোদন প্ৰদান কৰি ১০০ জন এম বি বি এছ ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ অনুমতি প্ৰদান কৰিছে।

এই অনুমোদনৰ লগে লগে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় অসমৰ ১৫ সংখ্যক চিকিৎসা মহাবিদ্যালয় হিচাপে পৰিগণিত হয়। ৰাজ্যত মুঠ এমবিবিএছৰ আসনৰ সংখ্যা ১৯২৫ লৈ বৃদ্ধি পাইছে।

ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে ইয়াক অসমক চিকিৎসা শিক্ষাৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ মহাবিদ্যালয়খনক অনুমোদন জনোৱাৰ লগতে ৰাজ্যখনক অবিৰত সহায় আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাক ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

এই সাফল্যক অসমৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande