
নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। শিশুৰ সুৰক্ষাৰ কথা মনত ৰাখি কেন্দ্ৰীয় চৰকাৰে ক্ল’ৰফেনিৰামাইন মেলেট আৰু ফেনাইলেফ্ৰিন হাইড্ৰ’ক্লৰাইডৰ সংমিশ্ৰণ যুক্ত সকলো নিৰ্দিষ্ট মাত্ৰাৰ কম্বিনেচন (এফডিচি) কাহ আৰু চৰ্দি ঔষধ প্ৰস্তুত, বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। চাৰি বছৰৰ তলৰ শিশুক এই ঔষধ প্ৰদান কৰা নহ’ব বুলি চৰকাৰে স্পষ্ট কৰি দিছে।
শনিবাৰে জাৰি কৰা এক অধিসূচনা অনুসৰি এই ঔষধসমূহৰ লেবেল, পেকেজ ইনছাৰ্ট, আৰু প্ৰচাৰ সামগ্ৰীত সতৰ্কবাণী লিখিব লাগিব। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৫ এপ্ৰিললৈকে নিৰ্বাচিত এফ ডি চি ঔষধৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।এতিয়া চৰকাৰে নিজৰ পৰিসৰ বৃদ্ধি কৰি এই নিয়মৰ অধীনত ক্ল’ৰফেনিৰামাইন মেলেট আৰু ফেনাইলফ্ৰিন হাইড্ৰ’ক্লৰাইড যুক্ত সকলো এফ ডি চি ঔষধকে অন্তৰ্ভুক্ত কৰিছে।
বিশেষজ্ঞ সমিতি আৰু ড্ৰাগছ টেকনিকেল এডভাইজাৰী ব’ৰ্ডৰ পৰামৰ্শৰ ভিত্তিত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰে কয় যে নিৰাপদ বিকল্পৰ উপলব্ধতাৰ প্ৰতি লক্ষ্য ৰাখি চাৰি বছৰৰ তলৰ শিশুৰ এই ঔষধৰ ব্যৱহাৰে বিপদৰ সৃষ্টি কৰে। ১৯৪০ চনৰ ড্ৰাগছ আৰু প্ৰসাধন সামগ্ৰী আইন ২৬এৰ অধীনত জনস্বাস্থ্যৰ স্বাৰ্থত এই নিৰ্দেশ জাৰি কৰা হৈছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ