গহপুৰৰ দক্ষিণ অঞ্চলত ব্ৰহ্মপুত্ৰৰ সুঁতি খাৰৈ নৈৰ তীব্ৰ গৰাখহনীয়া
গহপুৰৰ দক্ষিণ অঞ্চলত ব্ৰহ্মপুত্ৰৰ সুঁতি খাৰৈ নৈৰ তীব্ৰ গৰাখহনীয়া এক গুৰুতৰ সমস্যা হৈ পৰিছে।
গহপুৰৰ দক্ষিণ অঞ্চলত ব্ৰহ্মপুত্ৰৰ সুঁতি খাৰৈ নৈৰ তীব্ৰ গৰাখহনীয়া


বিশ্বনাথ, ২২ আগষ্ট (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰৰ দক্ষিণ অঞ্চলত ব্ৰহ্মপুত্ৰৰ সুঁতি খাৰৈ নৈৰ তীব্ৰ গৰাখহনীয়া এক গুৰুতৰ সমস্যা হৈ পৰিছে। গৰা খহনীয়াই অঞ্চলটোৰ কৃষিজীৱি ৰাইজৰ জীৱিকা আৰু সুৰক্ষালৈ ডাঙৰ ভাবুকি কঢ়িয়াই আনিছে।

নৈপৰীয়া অঞ্চলৰ কৃষিভূমি খহনীয়াৰ বুকুত জাহ গৈছে। এনেদৰে প্ৰতিবছৰে খেতিৰ মাটি হেৰুৱাই থাকিব লগীয়া হ'লে নৈপৰীয়া লোকসকলৰ অৰ্থনৈতিক অৱস্থা অত্যন্ত শোচনীয় হৈ পৰাটো নিশ্চিত। প্ৰয়োজনীয় পদক্ষেপ হিচাপে গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দক্ষিনাঞ্চলৰ খাৰৈ নৈপৰীয়া ৰাইজে জলসম্পদ বিভাগক আহ্বান জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande