
বঙাইগাঁৱও, ২২ আগষ্ট (হি.স.)। বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সংবাদ মেল।
কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ২৫ আগষ্টৰ পৰা অনশনত কাৰ্যসূচী ঘোষণা।
সংবাদ মেলত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় সভাপতি হৃদয় কুমাৰ ৰায়ে ।
দীৰ্ঘদিনৰ পৰাই কোচ-ৰাজবংশী জনগোষ্ঠীক আভুৱা, প্ৰতাৰণা কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু অসম চৰকাৰে বিৰুদ্ধে পুনৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক ভাবে গণতান্ত্ৰিক আন্দোলনক গঢ়ি তুলিব বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা