
হায়দৰাবাদ, ২২ আগষ্ট (হি.স.)। তেলেংগানাৰ যাদাদ্ৰী-ভুৱনগিৰি জিলাৰ ভূডান পোচাম্পল্লী মণ্ডলৰ দোথিগুডেম গাঁৱৰ সমীপৰ এটা ঔষধ কাৰখানাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ৰিয়েক্টৰ বিস্ফোৰণৰ ঘটনা। এই দুৰ্ঘটনাত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে দুজন শ্ৰমিকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই ঘটনাত মুঠ ১০ জন শ্ৰমিক আহত হয়।
নৈশ শ্বিফ্টৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। ৰিয়েক্টৰটোত হঠাৎ হোৱা বিস্ফোৰণৰ পিছতে কাৰখানাটোত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় আৰু সমগ্ৰ অঞ্চলটোলৈ ঘন ধোঁৱা প্ৰেৰণ কৰে। ৰিয়েক্টৰৰ সমীপত কাম কৰা বিহাৰৰ শ্ৰমিককে ধৰি দহজন শ্ৰমিক আটক হয় এই অগ্নিকাণ্ডত। লগে লগে কোম্পানী পৰিচালনা সমিতিয়ে আহতসকলক চিকিৎসাৰ বাবে হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।
তীব্ৰ বিস্ফোৰণৰ ফলত কাৰখানাটোত কৰ্মৰত শ্ৰমিকসকলৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে চাৰিওফালৰ গাঁওসমূহত আতংক বিয়পি পৰে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে চৌতুপ্পাল গ্ৰাম্য চক্ৰ পৰিদৰ্শক (চি আই) সতীশ ৰেড্ডী, উপ-পৰিদৰ্শক (এছ আই) জগান,কে ধৰি অন্যান্য আৰক্ষী বিষয়া উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিনৰো আহি উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে।
খবৰ অনুসৰি যোৱা মাহত এই একেটা কোম্পানীতে এক দুৰ্ঘটনা সংঘটিত হৈছিল, য’ত এজন শ্ৰমিকৰ মৃত্যু হৈছিল। অব্যাহত থকা দুৰ্ঘটনাৰ ধাৰাবাহিকতাই চাৰিওফালৰ গাঁওবাসীৰ মাজত উদ্বিগ্নতা আৰু ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
মন কৰিবলগীয়া যে হায়দৰাবাদৰ সমীপৱৰ্তী পোচাম্পল্লী নামৰ এখন গাঁও বিনোবা ভৱেৰ ভূদান আন্দোলনৰ আৰম্ভণিৰ বাবে জনাজাত। পোচাম্পালীৰ বিখ্যাত ৰেচমৰ শাড়ীৰ বাবেও বিখ্যাত।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া