
বৰপেটা, ২২ আগষ্ট (হি.স.)। বৰপেটাৰ এজন স্বয়ম্ভু বিজেপি নেতাৰ পিষ্টলৰ অনুজ্ঞাপত্ৰ বাতিল ।
বিজেপি নেতা সুজিত সৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু বৰপেটা আৰক্ষীৰ প্ৰতিবেদনৰ ভিত্তিত বৰপেটাৰ জিলা আয়ুক্ত নবদ্বীপ পাঠকে বাতিল কৰে পিষ্টলৰ অনুজ্ঞা ।
গোৱৰ্ধনা মণ্ডল বিজেপিৰ সভাপতি সুজিত সৰকাৰৰ আছিল দুটাকৈ অনুজ্ঞা পত্ৰ থকা পিষ্টল ।
চৰকাৰে প্ৰদান কৰা অনুজ্ঞাপত্ৰধাৰী পিষ্টল লগত লৈ মাফিয়া ষ্টাইলত বহু নিৰীহ লোকক ভয় ভাবুকি দিয়াৰ লগতে মাৰপিটৰ অভিযোগ আছে টেপাৰ বিৰুদ্ধে ।
আনকি যোৱা ৪ জুনৰ নিশা বিজেপি নেতা সুজিত সৰকাৰ ওৰফে টেপাই খৈৰাবাৰীত থকা নিজ ঘৰৰ সমীপত ৰাজপথৰ ওপৰত ডাম্পাৰ ৰখাই চালকক ভয় ভাবুকি দিয়াৰ লগতে নৌ সেনাৰ এগৰাকী প্ৰাক্তন বিষয়াক পিষ্টলেৰে আঘাত কৰিছিল |
যাৰফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল অনুপম বৰা নামৰ সেনা বিষয়াজন |
বেকী নদীৰ শিল বালি মহলৰ পৰা অহা ডাম্পাৰ চালকক ভয় ভাবুকিৰে পথ বন্ধ কৰাক লৈ প্ৰশ্ন কৰাৰ বাবেই প্ৰাক্তন নৌ সেনা বিষয়া অনুপম বৰাক পিষ্টলেৰে আক্ৰমণ কৰিছিল টেপা আৰু টেপাৰ গুণ্ডা বাহিনীয়ে ।
এই বিষয়ে বৰপেটাৰোড থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত চলাই সাধাৰণ লোকক ভয় ভাবুকি প্ৰদান কৰি অহা বিজেপি নেতা টেপাৰ মাৰনাস্ত্ৰৰ অনুজ্ঞা বাতিলৰ নিৰ্দেশ প্ৰদান কৰে |
উল্লেখ্য যে, দীৰ্ঘদিন পলাতক হৈ থকা বিজেপি নেতাজনৰ দুয়োটা পিষ্টল ইতিমধ্যে বৰপেটা আৰক্ষীয়ে জব্দ কৰিছে |
বিজেপি নেতাজনৰ এনে গুণ্ডামিৰ ঘটনাক লৈ বৰপেটা জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ভূক্তভোগী অনুপম বৰাই টেপাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী, মুখ্যসচিব আৰু ডিজিপিৰ ওচৰত অভিযোগ দাখিল কৰিছিল |
আৰু অৱশেষত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল হল বিজেপি নেতা টেপাৰ দুয়োটা পিষ্টলৰ অনুজ্ঞাপত্ৰ বাতিলৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিৰ বাবে ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা