
তামুলপুৰ,২২আগষ্ট (হি.স.)।
তামুলপুৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আজি নাগ্ৰীজুলিৰ এছ আৰ এল এমৰ প্ৰশিক্ষণ কেন্দ্ৰত কৃত্ৰিম প্ৰজননৰ সন্দৰ্ভত এখন জিলা পৰ্যায়ৰ সজাগতা শিবিৰ অনুষ্ঠিত হয়। অসম পশুধন উন্নয়ন সংস্থাৰ অধীনত আৰু ৰাষ্ট্ৰীয় গোকুল মিছনৰ অৰ্থ সাহায্যত অনুষ্ঠিত উক্ত কাৰ্যসূচীত জিলা খনৰ বিভিন্ন প্ৰান্তৰ পশুপালক আৰু কৃষক সকলে অংশগ্ৰহণ কৰে।
নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ শংকৰ দাসৰ পৰিচালনাত অনুষ্ঠিত এই কৃত্ৰিম প্ৰজননৰ সজাগতা শিবিৰত মুখ্য অতিথি হিচাপে অংশ লৈ বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য আগষ্টিন টিজ্ঞাই কয় যে, কৃত্ৰিম প্ৰজননৰ জৰিয়তে উন্নত জাতৰ গৰুৰ উৎপাদন বৃদ্ধি কৰি পশুপালক সকল আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে।
আমাৰ পশুপালক ৰাইজে বিভাগীয় লোকৰ সহযোগত এই আধুনিক সুবিধা গ্ৰহণ কৰি নিজৰ ব্যৱসায় বৃদ্ধি কৰাৰ লগতে পশুধনক স্বাস্থ্যভিত্তিক বৈজ্ঞানিক দৃষ্টিভংগীৰে উন্নত কৰি তুলিব পাৰিব। ইয়াৰ উপৰি ভৱিষ্যতে পশুৰ সঠিক যত্ন, পুষ্টিকৰ খাদ্য আৰু ৰোগ প্ৰতিৰোধৰ বিষয়েও এনে সজাগতা কাৰ্যসূচীৰ ব্যৱস্থা অব্যাহত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।
অনুষ্ঠানত অংশ লৈ বিটিচিৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাসে কয় যে, আমাৰ বাৰীৰ গাই-গৰু, ছাগলী আদি পশুধনক বৈজ্ঞানিক পদ্ধতিৰে যত্ন ল'ব জানিলে সঘনাই বেমাৰ-আজাৰে দেখা নিদিয়ে। ইয়াৰ বিপৰীতে বৈজ্ঞানিক পদ্ধতিৰে কৃত্ৰিম প্ৰজননৰ জৰিয়তে উন্নত জাতৰ পশুৰ বংশ বৃদ্ধি কৰি পশুপালক সকলে এক লাভজনক ব্যৱসায় হিচাপে গঢ়ি তুলি স্বাৱলম্বী হ'ব পাৰে।
সেয়ে সকলো পশুপালক ৰাইজকে চৰকাৰী আঁচনি সমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানৰ শেষত তামুলপুৰ মহকুমা পশুপালন বিষয়া মহেশ কুমাৰ দাসে ভৱিষ্যতৰ দিনতো পশুপালক সকলক আগুৱাই নিয়াৰ বাবে বিভাগীয় সকলো আঁচনি অথবা নতুন কাৰ্যাৱলী ৰাইজৰ মাজত সু-পৰিকল্পিতভাৱে আগুৱাই নিয়াৰ কথা উল্লেখ কৰে। আজিৰ শিবিৰত কাৰ্যসূচীত গোৰেশ্বৰৰ পশুপালন বিষয়া ডা° বলেন চৌধুৰী ডা° প্ৰতিম হাজৰিকা, ডা° দীপ্তি দাস আৰু জিলা পশুপালনৰ অন্যান্য বিষয়াসহ স্থানীয় প্ৰায় ডেৰ শতাধিক পশুপালক উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা