
গুৱাহাটী, ২২ আগষ্ট (হি.স.)। অসম ক্ৰিকেট সন্থাই আয়োজন কৰা উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ কাইলৈ হ’বলগা মেগা ফাইনেলত গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছ মুখামুখি হ’ব৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নিশা সাত বজাত এই মেচখন অনুষ্ঠিত হ’ব৷
উল্লেখ্য যে ব্ৰেভছে লীগৰ প্ৰথমখন ছেমিফাইনেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছক পাঁচ উইকেটত পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হোৱাৰ বিপৰীতে ৰয়েলছে বৰ্ষাবিঘ্নিত দ্বিতীয় ছেমিফাইনেলত সাত উইকেটত বৰাক লিজেণ্ডছক হৰুৱাই এ পি এলৰ প্ৰথম চেম্পিয়ন নিৰ্ণয় মেচখনলৈ উত্তৰণ কৰিছে৷
লীগ পৰ্যায়ত দূয়োটা দলে দহখন মেচৰ সাতখনতে জয়ী হৈ ১৪ পইণ্ট অৰ্জন কৰিছিল৷ অৱশ্যে ৰয়েলছে ০.৯২০ ৰাণৰেটৰ বাবে শীৰ্ষত থকাৰ বিপৰীতে দ্বিতীয়ত থকা ব্ৰেভছৰ ৰাণৰেট ০.৬১৪ আছিল৷ আনহাতে, লীগত উভয় দল এবাৰ মুখামুখি হোৱাত ডেনিছ দাসৰ অনবদ্য অৰ্ধশতকৰ সহায়ত ব্ৰেভছে চাৰি উইকেটত ৰয়েলছক পৰাস্ত কৰিছিল৷
অধিনায়ক ডেনিছ বৰ্তমান দলত নাই যদিও তেওঁৰ অবিহনে দলে ছেমিফাইনেলত কুনাল শৰ্মাৰ নেতৃত্বত খেলি বেটিং, বলিং আৰু ফিল্ডিঙত সুন্দৰ প্ৰদৰ্শনৰে কাইলৈৰ বৃহৎ মেচখনলৈ আত্মবিশ্বসৰে সাজু হৈছে৷ দলৰ মুল শক্তি স্পীন বলিং বিভাগ, লগতে অপেনাৰ সৌৰভ মৌচম দিহিঙিয়া আৰু মধ্যক্ৰমত অভিলাস মৌড়িয়াৰ দৃঢ় বেটিং৷ শ্ল’ উইকেটত ব্ৰেভছৰ স্পীনাৰ যিকোনো বেটাৰৰ বাবে প্ৰত্যাহ্বান৷
ইতিমধ্যে দলৰ সাফল্যত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা শুভম গুপ্তাই ১৯ টা উইকেট লাভ কৰি শ্ৰেষ্ঠত্বৰ দৌৰত আছে৷ ‘লীগত প্ৰাৰম্ভিক ব্যৰ্থতাৰ পাছতো আমি শক্তিশালী প্ৰত্যাৱৰ্তন কৰিছো৷ এটা ভাল দলৰ বাবে সফলতা অৰ্জনত দলীয় ঐক্য শক্তিয়ে গুৰুত্বপূৰ্ণ৷ আমি এইটো কাৰণতেই এই স্থিতিত উপনিত হৈছো৷ ফাইনেলো আমি চাপমুক্ত হৈ এখন মেচৰ দৰেই খেলিম৷ ক্ৰিকেট আমাৰ প্ৰিয় আৰু আমি খেল উপভোগ কৰো৷’-শুভমে কয়৷ উল্লেখ্য যে ব্ৰেভছে প্ৰথম দুখন মেচত পৰাস্ত হৈ আৰম্ভনি কৰিছিল যদিও পৰবৰ্তী নখন মেচৰ ছেমিফাইনেলসহ আঠখনতে জয়লাভ কৰিছে৷
ইফালে, যুৱ প্ৰতিভা আৰু অভিজ্ঞ ক্ৰিকেটাৰৰ সংমিশ্ৰণৰে গঠিত ঋষভ দাস নেতৃত্বনাধীন ৰয়েলছ লীগৰ অন্যতম ভাৰসাম্য দল৷ বিস্ফোৰক অপেনাৰ ৰোহিত সেনে যিকোনো মূহূৰ্ততে মেচ সলনি কৰাৰ ক্ষমতা থকা দলটোত বাস্তৱ ৰয়ৰ দৰে পেচাৰ আছে যিয়ে বিপক্ষক পাৱাৰ প্লেৰ অভাৰতে মোক্ষম আঘাত দিয়ে৷ এইসময়ত বাস্তৱ [২২] আৰু ৰোহিতে [৪৫৩ ] বেগুনীয়া টুপী আৰু কমলা টুপী পৰিধান কৰি আছে৷
ৰয়েলছৰ অভিজ্ঞ স্পীনাৰ দীপক গোঁহাই আৰু অলৰাউণ্ডাৰ নিপন ডেকাই ধাৰাবাহিক প্ৰদৰ্শন কৰি দলক শ্ৰেষ্ঠত্বৰ শিখৰলৈ আনিছে৷ ‘মই সৰ্বাধিক উইকেট পাইছো যদিও ব্যক্তিগত প্ৰদৰ্শন মোৰ বাবে গুৰুত্বহীন যদিহে দল বিজয় নহয়৷ ফাইনেলত আমি অধিক ভাল খেলিম৷ এ পি এল মোৰ বাবে প্ৰথম বৃহৎ প্ৰতিযোগিতা৷ ক্লাব-জিলাত খেলাৰ পাছত প্ৰথমবাৰ ছিনিয়ৰ সদস্য ঋষভ দা, দীপক দাৰ লগতে আবু ছাৰ [প্ৰশিক্ষক আবু নেচিম] লগত এমাহ ধৰি থাকি মই আনন্দিত৷’ বাস্তৱে কয়৷
উল্লেখ্য যে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ চেম্পিয়ন দলে ৫০ লাখ টকা তথা ৰানাৰ্ছআপ দলটোৱে ২৫ লাখ টকা লাভ কৰিব৷ ছুপাৰ ছান ডে’ৰ ক্ৰিকেটৰ ছুপাৰ শ্ব’লৈ উভয় দলৰ অনুৰাগীৰ লগতে এ পি এলৰ ফাইনেল লৈ উৎকণ্ঠাত থকা ক্ৰীড়াপ্ৰেমীও সাজু৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী