
গুৱাহাটী, ২২ আগষ্ট (হি.স.)। যোৰাবাটত একেৰাহে তৃতীয় দিনা শনিবাৰেও অব্যাহত আছে কেব চালকৰ প্ৰতিবাদ। প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে প্ৰতিবাদকাৰীয়ে মেঘালয়ৰ পৰা অসমলৈ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।
উচচপদস্থ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ক্ষমা বিচৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছে প্ৰতিবাদকাৰীসকলে। শেহতীয়াকৈ মেঘালয়ত সংঘটিত প্ৰতিবাদৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা বাহনসমূহৰ বাবেও কেব চালকসকলে পৰ্যাপ্ত ক্ষতিপূৰণৰ দাবী জনাইছে।
মেঘালয় চৰকাৰে অসমীয়া চালকৰ সুৰক্ষা সুনিশ্চিত নকৰালৈকে প্ৰতিবাদ বাতিল নকৰে বুলিও প্ৰতিবাদকাৰীসকলে উল্লেখ কৰিছে। ইয়াৰ বাবেই অসম-মেঘালয় সীমান্তত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে, পৰিস্থিতি উত্তেজিত হৈয়েই আছে।
আনহাতে, অসম আৰু মেঘালয় সংযোগী যোৰাবাটৰ বাহিৰেও আন প্ৰায় তিনিটা স্থানত কেব চালকে মেঘালয়ৰ বাহনসমূহ অসমত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে। পৰিস্থিতি ক্ৰমান্বয়ে অধিক ভয়াৱহ হৈ পৰিছে। অসম আৰু মেঘালয়ৰ সংযোগী প্ৰধান পথসমূহত কেব চালকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে।
ইফালে, অসম আৰু মেঘালয়ৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত শনিবাৰে কইনাধৰাত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা। এই বৈঠকত অসমক প্ৰতিনিধিত্ব কৰিব মন্ত্ৰী অতুল বৰাই। মেঘালয় চৰকাৰৰ এটা প্ৰতিনিধি দলো উপস্থিত থকাৰ সম্ভাৱনা আছে।
ইফালে অসমৰ কেইবাগৰাকীও পৰ্যটক এতিয়াও মেঘালয়ৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ আছে। শীঘ্ৰে তেওঁলোকক নিৰাপদে অসমলৈ ঘূৰাই অনাৰ বাবে প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁলোকৰ পৰিয়ালে দাবী জনাইছে।
---------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ