
গুৱাহাটী, ২২ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে শনিবাৰে মন্ত্ৰী অতুল বৰাই যোৰাবাট প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত যোৰাবাটত চলি থকা প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখা হয়।
মেঘালয় চৰকাৰে অসমৰ পৰা মেঘালয়লৈ যোৱা যান-বাহন আৰু পৰ্যটকৰ সুৰক্ষাৰ আশ্বাস দিয়াৰ পিছত এই উন্নয়ন ঘটিছে।
অসমৰ পৰা মেঘালয়লৈ যোৱা সকলো পথতে পৰ্যটকৰ সুৰক্ষাৰ আশ্বাস দিছে মেঘালয় চৰকাৰে। লগতে শেহতীয়াকৈ শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি এনে ঘটনা পুনৰাবৃত্তি নহ’ব বুলি আশ্বাস দিয়ে।
হিংসাৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা বাহনসমূহৰ ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকলৰ চিকিৎসাৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিছে মেঘালয় চৰকাৰে। মেঘালয়ৰ মুখ্য সচিব শকীল পি আহমেদক ক্ষয়-ক্ষতিৰ মূল্যায়ন আৰু প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
অসম আৰু মেঘালয়ৰ মাজত সাম্প্ৰতিক উত্তেজনা আৰু শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দুয়োখন ৰাজ্যৰ বিষয়াসকলৰ উচ্চ পৰ্যায়ৰ বৈঠকৰ অন্তত এই আশ্বাস দিয়ে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী স্নিয়াৱভালং ধৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া