আমদানিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ভাৰত আৰু মৰিচাছে দীৰ্ঘম্যাদী ইন্ধন যোগান চুক্তি
নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। ভাৰত আৰু মৰিচাছে শক্তি খণ্ডত অংশীদাৰিত্ব শক্তিশালী কৰি পাঁচ বছৰীয়া চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিৰ অধীনত ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে (আই অ’ চি এল) মৰিচাছৰ পেট্ৰ’ল, ডিজেল, আৰু বিমান ইন্ধন (এ টি এফ)ৰ আমদানিৰ
हरदीप सिंह पुरी की मौजूदगी में भारत और मॉरीशस के बीच समझौता


हरदीप सिंह पुरी की मौजूदगी में भारत और मॉरीशस के बीच समझौता


নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। ভাৰত আৰু মৰিচাছে শক্তি খণ্ডত অংশীদাৰিত্ব শক্তিশালী কৰি পাঁচ বছৰীয়া চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিৰ অধীনত ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে (আই অ’ চি এল) মৰিচাছৰ পেট্ৰ’ল, ডিজেল, আৰু বিমান ইন্ধন (এ টি এফ)ৰ আমদানিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

শনিবাৰে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ২০-২১ আগষ্টত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ মৰিচাছ ভ্ৰমণৰ সময়ত এই চুক্তিৰ নথি-পত্ৰ বিনিময় কৰা হৈছিল। দুয়োখন দেশৰ মাজত তেল আৰু গেছ খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে এক বুজাবুজি চুক্তিও স্বাক্ষৰিত হৈছে।

মন্ত্ৰালয়ে কয় যে এই চুক্তিত পেট্ৰলিয়াম সামগ্ৰীৰ যোগান, প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ, আৰু জৈৱ ইন্ধনৰ ক্ষেত্ৰত সহযোগিতা আদি সামৰি লোৱা হৈছে। এই চুক্তিৰ অধীনত আই অ’ চিয়ে মৰিচাছৰ পেট্ৰ’ল, দ্ৰুতবেগী ডিজেল, আৰু বিমান ইন্ধন (এ টি এফ)ৰ সমগ্ৰ আমদানিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। এই চুক্তিয়ে ভাৰত মহাসাগৰ অঞ্চলত শক্তি সুৰক্ষাৰ মূল অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকা শক্তিশালী কৰিব।

পেট্ৰলিয়াম মন্ত্ৰালয়ে কয় যে এই চুক্তি এনে এটা সময়ত কৰা হৈছে যেতিয়া বিশ্ব ইন্ধন বজাৰত সম্ভাৱ্য যোগানৰ ব্যাঘাতৰ মাজতে দেশসমূহে শক্তি সুৰক্ষা শক্তিশালী কৰিবলৈ বিচাৰিছে। পশ্চিম এছিয়া অঞ্চলত চলি থকা অস্থিৰতাই শক্তি যোগান সুৰক্ষাৰ গুৰুত্বও বৃদ্ধি কৰিছে। পশ্চিম এছিয়াত চলি থকা সংকটৰ সময়তো ভাৰতে নেপাল আৰু ভূটানৰ প্ৰতি যোগানৰ প্ৰতিশ্ৰুতি পালন কৰি থাকিল, যিয়ে অঞ্চলটোৰ বাবে নিৰ্ভৰযোগ্য যোগানকাৰী হিচাপে নিজৰ স্থিতি প্ৰতিফলিত কৰিলে।

ভাৰতবৰ্ষই তেল শোধনৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। দেশৰ ২৩টা শোধনাগাৰে প্ৰতি বছৰে প্ৰায় ২৬.৭ কোটি টন শোধিত পেট্ৰলিয়াম সামগ্ৰী উৎপাদন কৰে। ভাৰত হৈছে শোধিত ইন্ধনৰ নিকা ৰপ্তানিকাৰক। ভাৰতে ইতিমধ্যে ইয়াৰ চুবুৰীয়া দেশ নেপাল আৰু ভূটানক পেট্ৰলিয়াম সামগ্ৰী যোগান ধৰে আৰু লগতে অঞ্চলটোৰ অন্যান্য দেশকে ধৰি বিভিন্ন বজাৰলৈও যথেষ্ট পৰিমাণৰ ইন্ধন ৰপ্তানি কৰে।

উল্লেখযোগ্য যে এই চুক্তিখন দুয়োখন দেশৰ মাজত শতিকাৰ পৰিৱৰ্তনৰ পৰাই চলি অহা বাণিজ্যিক সম্পৰ্কৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ইণ্ডিয়ান অইলেও ২০০১ চনত ইয়াৰ সহযোগী কোম্পানী ইণ্ডিয়ান অইল (মৰিচাছ) লিমিটেডৰ জৰিয়তে মৰিচাছৰ বজাৰত প্ৰৱেশ কৰে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande