
কামৰূপ, ২২ আগষ্ট (হি.স.): কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ মাজ মজিয়াত যোৱা কালি শুকুৰবাৰে সন্ধিয়া চুৰিকাঘাটৰ ঘটনা সংঘটিত হয় । দ্বীজেন শৰ্মা নামৰ এগৰাকী ব্যক্তিক চুৰিৰে আক্ৰমণ কৰে বিনোদ শৰ্মা নামৰ ব্যক্তি গৰাকীয়ে । বাইহাটা চাৰিআলিৰ গোৰেশ্বৰ পথত সংঘটিত হয় এই ঘটন।া
চুৰিকাঘাটত তেজেৰে লুতুৰি পুতুৰি দ্বীজেন শৰ্মাক উদ্ধাৰ কৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে । ইফালে আক্ৰমণ কৰাৰ পিছৰে পৰা পলাতক হৈ আছে বিনোদ শৰ্মা আৰু তেওঁৰ পুত্ৰ । বিনোদ শৰ্মা আৰু পুত্ৰক বিচাৰি অনুসন্ধান চলাই আছে বাইহাটা চাৰিআলি আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ