দেৰগাঁৱত শৌচাগাৰৰ দুৰ্গন্ধময় পানী ৰাজহুৱা নলাত পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
দেৰগাঁৱত এজন ব্যক্তিৰ অদ্ভুত কাণ্ড।
দেৰগাঁৱত শৌচাগাৰৰ দুৰ্গন্ধময় পানী ৰাজহুৱা নলাত পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া


গোলাঘাট, ২২ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত এজন ব্যক্তিয়ে শৌচাগাৰৰ দুৰ্গন্ধময় পানী ৰাজহুৱা নলাত পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ ফলত এক ভয়ংকৰ দুৰ্গন্ধই আৱৰি ধৰে সম্পূৰ্ণ অঞ্চল। ৰাজু পণ্ডিত নামৰ এজন ব্যক্তিয়ে এই কাণ্ডজ্ঞানহীন কাণ্ড সংঘটিত কৰে । শুক্ৰবাৰে নিশা দেৰগাঁৱৰ মাজমজিয়াৰ জ্যোতিনগৰত হয় এই অদ্ভুত ঘটনা।

ৰাজু পণ্ডিত নামৰ ব্যক্তি জনে নিজা শৌচাগাৰৰ দুৰ্গন্ধময় পানী মটৰৰ যোগে ৰাজহুৱা নলাত পেলোৱাৰ চেষ্টা কৰোঁতে পাইপ ফাটি ৰাজহুৱা পথৰ উপৰতে বাগৰে শৌচাগাৰৰ পানী। ফলত পথেদি যোৱা এগৰাকী মহিলাৰ গাত চিটিকি পৰে সেই দুৰ্গন্ধময় পানী। আৰু লগে লগে সমগ্ৰ অঞ্চলত এক দুৰ্গন্ধময় পৰিবেশে আৱৰি ধৰে আৰু পথটোৱে দি অহা যোৱা সম্পূৰ্ণ ৰূপে বন্ধহৈ পৰে । ঘটনাকলৈ স্থানীয় ৰাইজে তৎকালীন ভাবে পৌৰসভাত খবৰ দিয়ে আৰু পৌৰসভাৰ কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ বুজ লয় । আৰু এনে কাৰ্য্য বেআইনী বুলি প্ৰকাশ কৰে দেৰগাঁও পৌৰসভাৰ উপ-পৌৰপতি গৰাকীয়ে ।

লগতে তেওঁ কয়যে এনে কামৰ বাবে পৌৰসভাৰ অনুমতি লাগে আৰু শৌচাগাৰৰ পানী ৰাজহুৱা নলাত সংযোজন কৰাটো আইনী ভাবে দণ্ডনীয়।

ৰাজু পণ্ডিত নামৰ ব্যক্তি জনৰ এই কাৰ্য্যকলৈ বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও কয় উপ পৌৰপতি গৰাকীয়ে । ঘটনাকলৈ অঞ্চলজুৰি এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande