টিভি চেনেলত ১২ মিনিটৰ বিজ্ঞাপনৰ সীমা বাতিল, ২১ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন নিয়ম
নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। কেন্দ্ৰীয় চৰকাৰে টিভি চেনেলত বিজ্ঞাপনৰ ১২ মিনিটৰ সীমা বিলুপ্ত কৰিছে। টেলিভিছন নেটৱৰ্ক নিয়ম, ১৯৯৪ সংশোধন কৰি গেজেট অধিসূচনা ২০২৬ চনৰ ২১ আগষ্টত জাৰি কৰা হয়, যাৰ ফলত নতুন নিয়ম কাৰ্যকৰী হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ
सूचना एवं प्रसारण मंत्रालय


নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। কেন্দ্ৰীয় চৰকাৰে টিভি চেনেলত বিজ্ঞাপনৰ ১২ মিনিটৰ সীমা বিলুপ্ত কৰিছে। টেলিভিছন নেটৱৰ্ক নিয়ম, ১৯৯৪ সংশোধন কৰি গেজেট অধিসূচনা ২০২৬ চনৰ ২১ আগষ্টত জাৰি কৰা হয়, যাৰ ফলত নতুন নিয়ম কাৰ্যকৰী হয়।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে শনিবাৰে এক বিবৃতিত কয় যে টিভি সম্প্ৰচাৰ খণ্ডত ন্যায্য প্ৰতিযোগিতা আৰু সহজে ব্যৱসায় কৰাটো নিশ্চিত কৰিবলৈ বিজ্ঞাপনৰ সময়সীমা আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

২০০৬ চনত টিভি চেনেলৰ বাবে ১২ মিনিটৰ বিজ্ঞাপনৰ সীমা কাৰ্যকৰী কৰা হৈছিল। সেই সময়ত দেশত মাত্ৰ ৬২ টা টিভি চেনেল আছিল। এতিয়া ইয়াৰ সংখ্যা ৯০০ৰো অধিক হৈছে। তদুপৰি কেবল টিভিৰ ডিজিটেলাইজেচনৰ লগে লগে ডিটিএইচৰ দৰে প্লেটফৰ্মত দৰ্শকৰ বাবে বৃহৎ সংখ্যক চেনেল উপলব্ধ হৈছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তথ্য অনুসৰি টিভি উদ্যোগত বৰ্তমান যথেষ্ট প্ৰতিযোগিতা দেখা গৈছে। একে সময়তে পৰম্পৰাগত টিভি চেনেলৰ বাবে সমতাপূৰ্ণ খেলপথাৰৰ বিষয়টোও আহিছিল, কিয়নো ডিজিটেল মাধ্যমত বিজ্ঞাপনৰ সময়সীমাৰ তেনে কোনো সীমা নাছিল।

চৰকাৰৰ মতে বিজ্ঞাপনৰ সময়সীমা আঁতৰাই দিলে টিভি চেনেলসমূহে বিজ্ঞাপনৰ বজাৰত অধিক নমনীয়তা লাভ কৰিব আৰু ব্যৱসায় কৰাত সহজতা বৃদ্ধি পাব।

টিভি চেনেলত আৰু প্ৰযোজ্য নহ’ব ১২ মিনিটৰ বিজ্ঞাপনৰ সীমা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande