এশ দুবছৰত ভৰি দিয়া অশীতিপৰক লৈ গাঁৱৰ আত্মা নামঘৰত জীৱন জীয়াৰ গান গালে ৰাইজে
শোণিতপুৰ , ২২ আগষ্ট:(হি.স.)
নগেন চন্দ্ৰ বৰা


–তেজপুৰ ঘৰপৰা চুবুৰিৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰী কৰ্মচাৰী নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু

–নামঘৰত ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰি ল'লে আশীষ

শোণিতপুৰ, ২২ আগষ্ট (হি.স.) । তেজপুৰ ঘৰপৰা চুবুৰিৰ এগৰাকী ব্যক্তিয়ে ১০১ বছৰ অতিক্ৰম কৰি ১০২ বছৰত নিজৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমাত খোজ দিবলৈ অগ্ৰসৰ হোৱাৰ আনন্দত কালি গাওঁ বাসীয়ে এখন গাঁৱৰ আত্মা হিচাপে পৰিগণিত পৱিত্ৰ নামঘৰত সেই অশীতিপৰ গৰাকীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰি গাওঁবাসীয়ে গ্ৰহণ কৰিলে আশীষ নিৰ্মালী ।

এশ এটা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিও সুস্থ হৈ থকা অশীতিপৰ গৰাকীক কাষত লৈ সকলোৱে গালে জীৱন জীয়াৰ গান ।

উল্লেখযোগ্য যে ঘৰপৰা চুবুৰিৰ নিবাসী নগেন চন্দ্ৰ বৰাই জীৱনৰ ১০১ বছৰ অতিক্ৰম কৰি আজিও খোজকাঢ়ি অহা যোৱা কৰি থাকিব পৰা হৈ ৰোৱাত গাওঁবাসী আনন্দিত হয়। তেজপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ অৱসৰী কৰ্মচাৰী বৰাই কঠোৰ নিয়মানুৱৰ্তিতা আৰু অধ্যৱসায়ৰে নিয়ন্ত্ৰিত জীৱন শৈলীৰে জীৱন যাপন কৰি গাওঁখনৰ শতায়ু গৰকা ব্যক্তি হৈ পৰে। বৰাই গাওঁখনৰ লগতে তেজপুৰৰ সুবিশাল ইতিহাস বুকুত সামৰি ৰাখিছে। গাওঁখনৰ সকলো ৰাজহুৱা কৰ্মতে বৰাই সকৰাত্মক দৃষ্টিভংগীৰে জড়িত থাকি সমাজখনক আগুৱাই নিয়াত যথেষ্ট অৱদান যোগাই আহিছে । কালি ভাদমহীয়া নাম প্ৰসংগৰ মাজতে ঘৰপৰা চুবুৰিৰ নামঘৰত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত ৰাইজে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰিলে নগেন চন্দ্ৰ বৰা নামৰ ১০১ বছৰ অতিক্ৰম কৰা ব্যক্তি গৰাকীক ।

উল্লেখ্য যে বিগত ২৮ জুন তাৰিখে বাৰ্ষিক বৰ সবাহৰ দিনাও ৰাইজে মাংগলিক ধ্বনিৰে নগেন চন্দ্ৰ বৰাৰ নামত তেজপুৰ পৌৰ সভাৰ অন্তৰ্গত ১৬ নং ৱাৰ্ডৰ ঘৰপৰা চুবুৰিৰ এটি উপপথ নামাকৰণ কৰিছিল ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande