লোকপিয়লৰ কামত শিক্ষক নিয়োগৰ ফলত পাঠদান ব্যাহত হোৱাৰ অভিযোগ
গোসাঁইগাঁৱত ব্যাহত পাঠদান।
লোকপিয়লৰ কামত শিক্ষক নিয়োগৰ ফলত পাঠদান ব্যাহত হোৱাৰ অভিযোগ


কোকৰাঝাৰ ২১ আগষ্ট (হি.স.):লোকপিয়লৰ কামত বহু শিক্ষকক নিয়োগ কৰাৰ ফলত গোসাঁইগাঁও মহকুমাৰ একাধিক চৰকাৰী বিদ্যালয়ত পাঠদান ব্যাহত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। গোসাঁইগাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ পলাশগুৰী-ৰাভাঘুটু প্ৰাথমিক বিদ্যালয়ৰ দুয়োজন শিক্ষকক লোকপিয়লৰ কামত নিয়োগ কৰাত বিদ্যালয়খনত তলা ওলমি থকা দেখা গৈছে। একেদৰে ২ নং মাজাৰডাবৰি প্ৰাথমিক বিদ্যালয়তো দুয়োজন শিক্ষক লোকপিয়লৰ কামত নিয়োজিত হোৱাত পাঠদান প্ৰক্ৰিয়া ব্যাহত হৈছে।

অভিযোগ অনুসৰি, ২ নং মাজাৰডাবৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকে পুৱা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি লৈ বিস্কুট দি বিদ্যালয়ত তলা ওলমাই লোকপিয়লৰ কামলৈ যায়। ফলত ছাত্ৰ-ছাত্ৰীসকল শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। এজন বা দুজন শিক্ষক থকা বিদ্যালয়ৰ শিক্ষকসকলক লোকপিয়লৰ কামৰ পৰা ৰেহাই দিবলৈ সচেতন মহলে দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande