
নগাঁৱ, ২১ আগষ্ট (হি.স.)। ধিঙত নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । ধিঙত চুৰিৰে আক্ৰমণ নিজ পত্নীক, সংকটজনক অৱস্থাত মহিলা গৰাকীক নগাঁৱলৈ চিকিৎসালয়লৈ প্ৰেৰণ। ধিঙৰ বিলতীয়াত নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। নিজ পত্নীক চুৰিৰে পিঠিত আঘাট স্বামীৰ।
ঘৰুৱা কণ্ডলক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই ঘটনাৰ ।
ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে সমগ্ৰ অঞ্চলজুৰি । তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত মহিলা গৰাকীক ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত চিকিৎসকে মহিলা গৰাকীক নগাঁৱলৈ প্ৰেৰণ কৰে।
ইফালে, ঘটনাৰ খবৰ পাই ধিং আৰক্ষী লগে লগে ঘটনাস্থলীত উপস্থিত হৈ স্বামী নবীন দাসক আটক কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু