তেজপুৰত একাধিক স্হানৰ পৰা সোণৰ চেইন থপিয়াই নিলে দুৰ্বৃত্তইঃ মাৰণাস্ত্ৰধাৰী দুৰ্বৃত্তৰ আতংক
শোণিতপুৰ, ২১ আগষ্ট:(হি.স.)। তেজপুৰত চিলনীচোৰৰ উপদ্ৰৱে ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ সময়তে যোৱা কালি বৃহস্পতিবাৰৰ বিয়লিৰ পৰা নিশালৈকে কে’বাটাও এনে ঘটনা সংঘটিত হয়৷ উল্লেখযোগ্য যে, ইয়াৰে ভিতৰত এটা ঘটনাৰে জড়িত দুৰ্বৃত্তৰ দলৰ হাতত আগ্নেয়াস্ত্ৰ থকা বুলিও অভিযোগ উ
তেজপুৰত একাধিক স্হানৰ পৰা সোণৰ চেইন থপিয়াই নিলে দুৰ্বৃত্তইঃ মাৰণাস্ত্ৰধাৰী দুৰ্বৃত্তৰ আতংক


শোণিতপুৰ, ২১ আগষ্ট:(হি.স.)। তেজপুৰত চিলনীচোৰৰ উপদ্ৰৱে ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ সময়তে যোৱা কালি বৃহস্পতিবাৰৰ বিয়লিৰ পৰা নিশালৈকে কে’বাটাও এনে ঘটনা সংঘটিত হয়৷ উল্লেখযোগ্য যে, ইয়াৰে ভিতৰত এটা ঘটনাৰে জড়িত দুৰ্বৃত্তৰ দলৰ হাতত আগ্নেয়াস্ত্ৰ থকা বুলিও অভিযোগ উঠিছে৷

উল্লেখযোগ্য যে, কালি বিয়লি প্ৰায় ৫-৪৫ বজাত তেজপুৰৰ চহৰৰ মুঢ়াতেতেলী অঞ্চলৰ এগৰাকী ৭৫বছৰীয়া মহিলা নামঘৰৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত সন্মুখৰ পৰা খোজকাঢ়ি অহা এজন যুৱকে তেওঁক অতিক্ৰম কৰিয়েই পিছফালৰ পৰা অতৰ্কিতে বয়োজ্যেষ্ঠ মহিলাগৰাকীৰ ডিঙিত ধৰি তেওঁ পিন্ধি থকা সোণৰ চেইনডাল চিঙি নিয়ে৷ সেই সময়তে সেই স্হানত উপস্থিত হোৱা এখন মটৰ চাইকেলত লগে লগে উঠি দুৰ্বৃত্তই পলায়ন কৰে৷

উল্লেখযোগ্য যে, চেইন চিঙি নিয়া দুৰ্বৃত্তৰ মুকলি ভাবেই অহাৰ বিপৰীতে মটৰ চাইকেল চালকৰূপী সহযোগী দুৰ্বৃত্তই হেলমেট পৰিধান কৰি আহিছিল৷

ইপিনে কালি সন্ধিয়া তেজপুৰ চহৰৰে কনভেন্ট স্কুলৰ সমীপৰে গণেশ ঘাট সংযোগী পথত ঘটে আন এক চেইন চুৰিৰ ঘটনা সংঘটিত হয় ৷ প্ৰত্যক্ষ দৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি, দুখন মটৰ চাইকেলত মুঠ চাৰিজনীয়া এটা যুৱকৰ দলে সেই পথৰে অহা এজন কিশোৰৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিয়ে৷ কিশোৰজনে চিঞৰবাখৰ কৰাত পলায়ন কৰা দুৰ্বৃত্তৰ দলটোৰ এজনক সমীপতে থকা কেজনমান স্হানীয় যুৱকে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল য’দিও দুৰ্বৃত্তৰ লগত আগ্নেয়াস্ত্ৰ থকাত এৰি দিবলৈ বাধ্য হয়৷

উল্লেখযোগ্য যে, এই দুয়োটা ঘটনাই আজি সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰাৰ লগতে এনে ঘটনাক লৈ ৰাইজ যথেষ্ট উদ্বিগ্ন হৈ পৰিছে ৷ আনহাতে কালি দুপৰীয়া মিছন চাৰিআলিৰ সমীপৰ শুক্লেশ্বৰ নগৰৰ পৰাও এগৰাকী মহিলাৰ ডিঙিৰ চেইন কাঢ়ি লৈ যায় দুৰ্বৃত্তই৷ দুপৰীয়া বিদ্যালয়ৰ পৰা সন্তানক নিবলৈ অহা মহিলাগৰাকীৰ ডিঙিৰ চেইন কাঢ়ি মটৰ চাইকেলৰে উধাও হয় নীলা চোলা পৰিধান কৰা দুৰ্বৃত্তই৷

ইপিনে তেজপুৰৰ কমাৰ চুবুৰীতো অনুৰূপ ঘটনা সংঘটিত হৈছে ৷ উল্লেখযোগ্য যে, একেদিনাই দলবদ্ধভাৱে সংঘটিত এই ঘটনা বহিৰাজ্যৰ দুৰ্বৃত্তৰ দলে কৰা বুলি সম্প্ৰতি চৰ্চিত হৈছে৷ ইতিমধ্যে গোপন কেমেৰাত আৱদ্ধ হোৱা দুৰ্বৃত্তৰ ছবিয়েও এই সন্দেহ ঘণীভূত কৰাৰ লগতে একেদিনাই তেজপুৰৰ একাধিক স্হানত তথা দুৰ্বৃত্তৰ হাতত মাৰণাস্ত্ৰ থকাৰ ঘটনাই তেজপুৰত বহিৰাজ্যৰ অপৰাধী চক্ৰই পৰিকল্পিত ভাবেই এই ঘটনা সংঘটিত কৰা বুলি চৰ্চা চলিছে৷

উল্লেখযোগ্য যে,এই ঘটনা সমূহৰে জড়িত কোনো দুৰ্বৃত্ত এইপৰ্যন্ত আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande