নাগালেণ্ডৰ চুমৌকেডিমা জিলাৰ নাগালেণ্ড আৰ্মড পুলিচ ট্ৰেইনিং চেণ্টাৰত ভাৰতীয় বায়ুসেনাৰ অগ্নিবীৰ বায়ু মুকলি নিযুক্তি ৰেলী
শোণিতপুৰ, ২১ আগষ্ট:(হি.স.): ভাৰতীয় বায়ুসেনাই অগ্নিবীৰ বায়ু (বিজ্ঞান বিষয়ৰ বাহিৰে), ইনটেক ০১/২০২৭ৰ বাবে এখন মুকলি নিযুক্তি ৰেলী নাগালেণ্ডৰ চুমৌকেডিমা জিলাৰ নাগালেণ্ড আৰ্মড পুলিচ ট্ৰেইনিং চেণ্টাৰ (NAPTC), চুমৌকেডিমা, নাগালেণ্ড – ৭৯৭১০৩ত অনুষ্ঠিত
নাগালেণ্ডৰ চুমৌকেডিমা জিলাৰ নাগালেণ্ড আৰ্মড পুলিচ ট্ৰেইনিং চেণ্টাৰত ভাৰতীয় বায়ুসেনাৰ অগ্নিবীৰ বায়ু মুকলি নিযুক্তি ৰেলী


শোণিতপুৰ, ২১ আগষ্ট:(হি.স.): ভাৰতীয় বায়ুসেনাই অগ্নিবীৰ বায়ু (বিজ্ঞান বিষয়ৰ বাহিৰে), ইনটেক ০১/২০২৭ৰ বাবে এখন মুকলি নিযুক্তি ৰেলী নাগালেণ্ডৰ চুমৌকেডিমা জিলাৰ নাগালেণ্ড আৰ্মড পুলিচ ট্ৰেইনিং চেণ্টাৰ (NAPTC), চুমৌকেডিমা, নাগালেণ্ড – ৭৯৭১০৩ত অনুষ্ঠিত কৰিব।

এই নিযুক্তি ৰেলীত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ যোগ্য প্ৰাৰ্থীসকলক সামৰি লোৱা হ’ব।

মহিলা প্ৰাৰ্থীৰ বাবে ১ আৰু ২ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ৰেলী অনুষ্ঠিত হ’ব আৰু ১ ছেপ্টেম্বৰ ২০২৬ তাৰিখে পুৱা ৫:৩০ বজাত ইচ্ছুক প্ৰাৰ্থী সকলে প্ৰত্যক্ষভাৱে উপস্থিত থাকিব লাগিব। আনহাতে, পুৰুষ প্ৰাৰ্থীৰ বাবে ৪ আৰু ৫ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ৰেলী অনুষ্ঠিত হ’ব আৰু ৪ ছেপ্টেম্বৰ ২০২৬ তাৰিখে পুৱা ৫:৩০ বজাত ইচ্ছুক প্ৰাৰ্থী সকলে প্ৰত্যক্ষভাৱে উপস্থিত থাকিব লাগিব।

যোগ্যতাৰ মাপকাঠী অনুসৰি, ১ জানুৱাৰী ২০০৫ৰ পৰা ১ জুলাই ২০০৯লৈ, দুয়োটা তাৰিখকে ধৰি, জন্মগ্ৰহণ কৰা প্ৰাৰ্থীসকলে এই মুকলি নিযুক্তি ৰেলীত অংশগ্ৰহণ কৰিব পাৰিব। কোনো প্ৰাৰ্থীয়ে বাছনি প্ৰক্ৰিয়াৰ সকলো পৰ্যায় সফলতাৰে উত্তীৰ্ণ হ’লে নামভৰ্তিৰ তাৰিখত বয়সৰ ঊৰ্ধ্বসীমা ২২ বছৰ হ’ব।

ভাৰতীয় বায়ুসেনাত অগ্নিবীৰবায়ু হিচাপে যোগদান কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলক এই সুযোগ গ্ৰহণ কৰি নিৰ্ধাৰিত সময়সূচী অনুসৰি নিযুক্তি ৰেলীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

যোগ্যতা, শিক্ষাগত অৰ্হতা, বাসস্থানৰ প্ৰয়োজনীয়তা, পঞ্জীয়ন, বাছনি প্ৰক্ৰিয়া আৰু অন্যান্য প্ৰয়োজনীয়তা সম্পৰ্কীয় বিতং তথ্য ভাৰতীয় বায়ুসেনাৰ চৰকাৰী নিযুক্তি ৱেবছাইট iafrecruitment.edcil.co.inত উপলব্ধ। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলক আবেদন কৰাৰ লগতে নিযুক্তি ৰেলীত উপস্থিত হোৱাৰ পূৰ্বে চৰকাৰী নিযুক্তি পৰ্টেলত গৈ বিতং অধিসূচনাখন ভালদৰে পঢ়ি চাবলৈ পৰামৰ্শ দিয়া হৈছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande