
হোজাই, ২১ আগষ্ট (হি.স.)। হোজাই পূব ধনীৰাম পথাৰৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী ১৩ বছৰীয়া কিশোৰী। যোৱা নিশা প্ৰায় ৩ বজাৰ পৰা সন্ধানহীন হৈ আছে কিশোৰী গৰাকী। কন্যাৰ কোনো সন্ধান নাপাই এতিয়া চিন্তাত ভাগি পৰিছে পৰিয়ালটো। নিৰুদ্দেশ হোৱা কিশোৰী গৰাকী যোৱা নিশা প্ৰায় ৩ বজাত নিজ ঘৰৰ পৰাই ৰহস্যজনক ভাৱে সন্ধানহীন হৈ পৰে।
পৰিয়ালৰ লোকে সম্ভাব্য সকলো স্থানত বিচৰা-খোঁচৰা কৰাৰ পিছতো তেওঁৰ কোনো সম্ভেদ পোৱা নাই। ইয়াৰ পিছতে কিশোৰী গৰাকীৰ পিতৃ লিটন দাসে হোজাই আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। কোনো ব্যক্তিয়ে কিশোৰী গৰাকীৰ সন্ধান পায়, তেন্তে পৰিয়ালৰ তৰফৰ পৰা তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।
যোগাযোগৰ নম্বৰ, ৭৬৩৮০ ৫২৯০৯ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ