গোৱালপাৰাৰ জলেশ্বৰত ১৩ হাজাৰ জালনোট দুটা মোবাইল ফোন সহ তিনিজনক আটক
গোৱালপাৰা, ২১ আগষ্ট (হি.স.)। গোৱালপাৰা জিলাৰ জলেশ্বৰ বজাৰত ১৩ হাজাৰ টকাৰ জালনোট দুটা মোবাইল ফোন সহ তিনিজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কালি নিশা জলেশ্বৰ বজাৰৰ পৰা সাহিনুৰ ইছলাম,তোতামিঞা আৰু বাহাজ আলীক ১৩ হাজাৰ টকাৰ জালনোট দুটা মোবাইল
গোৱালপাৰাৰ জলেশ্বৰত ১৩ হাজাৰ জালনোট দুটা মোবাইল ফোন সহ তিনিজনক আটক


গোৱালপাৰা, ২১ আগষ্ট (হি.স.)। গোৱালপাৰা জিলাৰ জলেশ্বৰ বজাৰত ১৩ হাজাৰ টকাৰ জালনোট দুটা মোবাইল ফোন সহ তিনিজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কালি নিশা জলেশ্বৰ বজাৰৰ পৰা সাহিনুৰ ইছলাম,তোতামিঞা আৰু বাহাজ আলীক ১৩ হাজাৰ টকাৰ জালনোট দুটা মোবাইল ফোন সহ হাতে লুটে কৰায়ত্ত কৰে।

আৰক্ষীয়ে প্ৰথম অৱস্থাত জালনোট বুলি ধৰিব পৰা নাছিল পিছে তৎকালীন ভাৱে মেচিনৰ জৰিয়তে জালনোট খিনি বাচি উলিয়াবলৈ সক্ষম হয়।জানিব পৰা মতে তিনি জন জালনোট সৰবৰাহকাৰী ৰ মাজত সাহিনুৰ ইছলাম ঘৰ আউলাতোলি তোতামিঞা জলেশ্বৰ বন্যাগুৰী আৰু বাহাজ আলী জলেশ্বৰ তাৰিয়াৰভীটা গাঁৱৰ।সাহিনুৰ ইছলামে নিশা চুনাৰী আউলাতোলিৰ পৰা জলেশ্বৰ বজাৰৰ তোতামিঞাক টকা খিনি দিবলৈ আহিছিল। আৰক্ষীয়ে ইতিমধ্যেই ঘটনাৰ সৈতে জড়িত অভিযুক্ত তিনিজনক আৰু অধিক সোধপোচৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande