
চিৰাঙ, ২১ আগষ্ট (হি.স.)। চিৰাঙৰ ভাৰত-ভূটান সীমান্ত বেংতল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ছাত্ৰ ছাত্ৰী, অভিভাৱক, ছাত্ৰ সংগঠনৰ উত্তাল প্ৰতিবাদ।
বিদ্যালয় খনৰ সৰহ সংখ্যক শিক্ষক শিক্ষয়িত্ৰীক জনগণনাৰ কাৰ্য্যত নিয়োজিত কৰাৰ ফলত স্তব্ধ প্ৰায় পাঠদান প্ৰক্ৰিয়া ।
ফলস্বৰূপ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণী কোঠালীৰ পৰা ওলাই আহি পৰ্য্যাপ্ত শিক্ষক আৰু নিয়মিত পাঠদান বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
বেংতল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰে নিখিল বড়ো ছাত্ৰ সন্থা (এবছু), বড়ো সাহিত্য সভা, বিটিআৰ আক্ৰাছু, সদৌ চাওঁতাল ছাত্ৰ সন্থা আৰু অভিভাৱক অভিভাৱিকা সকল ।
বড়ো আৰু অসমীয়া দুটা মাধ্যম থকা এই বেংতল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৮৫০ ! শ্ৰেণী কোঠালী ১৩ টা , তাৰ বিপৰীতে শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা মাত্ৰ ২৮ গৰাকী।
ইয়াৰে ১৭ গৰাকী শিক্ষকক জনগণনাৰ কাৰ্য্যত নিয়োজিত কৰিছে জিলা শিক্ষা বিভাগে।
বৰ্তমান অধ্যক্ষক লৈ ১১ গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰে কোনোমতে চলা চলাই আছিল যদিও দুজন শিক্ষক দুৰ্ঘটনা পতিত হৈ চিকিৎসাধীন হৈ ঘৰতে আছে।
তেনে স্থলত দুটা মাতৃভাষাৰ ১৩ টা শ্ৰেণী কোঠাত কিদৰে পাঠদান কৰিব সেয়া লৈ প্ৰশ্ন উত্থাপিত হৈছে !
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা