মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ ৰাজ্যিক পৰ্যালোচনা বৈঠক
গুৱাহাটী, ২১ আগষ্ট (হি.স.)। দক্ষতা, নিয়োগ, উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰ, জনতা ভৱনৰ ''আই'' ব্লকত ''ছিদ'' (দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ)ৰ এখন ৰাজ্যিক পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে। এই বৈঠকত ৰাজ্যখনৰ বিভিন্ন জ
মাননীয় মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ ৰাজ্যিক পৰ্যালোচনা বৈঠক


গুৱাহাটী, ২১ আগষ্ট (হি.স.)। দক্ষতা, নিয়োগ, উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰ, জনতা ভৱনৰ 'আই' ব্লকত 'ছিদ' (দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ)ৰ এখন ৰাজ্যিক পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে।

এই বৈঠকত ৰাজ্যখনৰ বিভিন্ন জিলাৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই) সমূহৰ জ্যেষ্ঠ অধ্যক্ষ, অধ্যক্ষ আৰু অধীক্ষকসকলৰ উপৰি বিভিন্ন নিয়োগ বিনিময় কেন্দ্ৰৰ উপ-নিয়োগ সঞ্চালক (ডি ডি ই), সহকাৰী নিয়োগ সঞ্চালক (এ ডি ই), নিয়োগ বিষয়া (ইঅ) আৰু সহকাৰী নিয়োগ বিষয়াসকল (এ ই অ) উপস্থিত থাকে।

দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ আয়ুক্ত সচিব ড° ওম প্ৰকাশ, আই.এ.এছ.-ৰ আদৰণি ভাষণেৰে শুভাৰম্ভণি হোৱা বৈঠকত 'এছ ই ই ডি'-ৰ সচিব কস্তুৰী ভৰালীৰ উপৰি বিভাগৰ অতিৰিক্ত সচিব আৰু যুটীয়া সচিব উপস্থিত থাকে।

বৈঠকত 'এছ ই ই ডি'-ৰ অধীনস্থ হস্তশিল্প আৰু নিয়োগ সঞ্চালকালয় (ডি ই চি টি), অসম দক্ষতা বিকাশ মিছন (এ এছ ডি এম), অসম দক্ষতা বিশ্ববিদ্যালয় আৰু নিয়োগ শাখাৰ কাৰ্যপ্ৰণালী তথা মুখ্য সফলতাৰ বিষয়ে বিতং তথ্য উপস্থাপন কৰা হয়।

বৈঠকত বিগত তিনি বছৰৰ আই.টি.আই.ৰ নামভৰ্তিৰ স্থিতি, বিধানসভা সমষ্টিসমূহৰ অধীনত আই.টি.আই.ৰ উপলব্ধতা, নিয়োগ বিনিময় কেন্দ্ৰসমূহক 'জিলা যুৱ কল্যাণ কেন্দ্ৰ' (ডি ৱাই ডব্লিউ চি )লৈ ৰূপান্তৰ কৰি শক্তিশালী কৰা, 'মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি' আৰু কেৰিয়াৰ তথা বৃত্তিমূলক মাৰ্গদৰ্শন আদি কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰা হয়।

ইফালে, মন্ত্ৰীগৰাকীয়ে নৰ্থ ইষ্ট স্কিল চেণ্টাৰ (এন ই এছ চি ), চি.এম.-ফ্লাইট (চি এম -ফ্লাইট) আৰু বিভাগৰ অন্যান্য মুখ্য পদক্ষেপসমূহৰ কাৰ্যপ্ৰণালী তথা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই সন্দৰ্ভত বক্তব্য আগবঢ়াই মাননীয় মন্ত্ৰীগৰাকীয়ে জিলা পৰ্যায়ৰ বিষয়াসকলক নিজ নিজ দায়িত্ব পালনৰ ক্ষেত্ৰত অধিক সক্ৰিয় আৰু ফলাফলভিত্তিক দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনায়। নিয়োগৰ সুযোগ বৃদ্ধিৰ ক্ষেত্ৰত দক্ষতা বিকাশৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, দক্ষতা বিকাশ কাৰ্যসূচীসমূহ কৰ্মসংস্থাপনৰ ক্ষেত্ৰখনত সাম্প্ৰতিক প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ যুগুত কৰা উচিত।

অসমৰ যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ, সংস্থাপনৰ সুযোগ আৰু উদ্যমিতাৰ সম্ভাৱনা বৃদ্ধিৰ বাবে আই.টি.আই. আৰু নিয়োগ বিনিময় কেন্দ্ৰসমূহে সন্মিলিত তথা লক্ষ্যভিত্তিক প্ৰচেষ্টা চলোৱাৰ ওপৰত মাননীয় মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande