
বৰপেটা, ২১ আগষ্ট (হি.স.)। কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বেকী নদীৰ ব্যাপক খহনীয়া ৷ এমাহত জাহ গ'ল দহটা পৰিয়ালৰ ভেটি মাটি। নৈৰ বুকুত বিলীন হ'ল শ শ বিঘা খেতি মাটি ৷ ভুক্তভোগী ৰাইজৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ৷
কলগাছিয়া ৰাজহ চক্ৰৰ অন্তগৰ্ত বলাইপাথাৰ গাঁৱত বেকী নদীৰ খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ৷ ফলত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ বেকী নদীৰ খহনীয়াই ৰূদ্ৰমুৰ্তি ধাৰণ কৰাত যোৱা এমাহত প্ৰায় দহটা পৰিয়ালৰ ভেটি মাটি নৈৰ বুকুত জাহ গৈছে ৷ ইতিমধ্যে খহনীয়াৰ কবলত পৰি নিজৰ ঘৰদুৱাৰ হেৰুৱাই বহু পৰিয়ালে মুৰে কপালে হাত দিবলগীয়া হৈছে ৷ পকী গৃহ, গো পালক সকলৰ গোহালি ঘৰ, বহু গছ গছনিৰ লগতে নৈৰ বুকুত বিলীন হৈছে শ শ বিঘা কৃষিভূমি। বেকী নৈৰ খহনীয়াত সৰ্বস্বান্ত হৈ ভূক্তভোগী l সেয়ে অতিশীঘ্ৰেই বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কাম আৰম্ভ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী পৰিয়ালৰ লোক সকলে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু