জিৰিবামত জব্দ ৯.৪ কেজি সন্দেহযুক্ত ইয়াবা টেবলেট আৰু হেৰ’ইন, গ্ৰেপ্তাৰ ৬ জন
জিৰিবাম (মণিপুৰ), ২১ আগষ্ট (হি.স.)। মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান চলাই ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ৯.৪১২ কেজি সন্দেহযুক্ত ইয়াবা টেবলেট আৰু ১৭৭ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন নং ৪ পাউদাৰ জব্দ কৰে। আজি প্ৰকাশিত আৰক্ষীৰ তথ্য অনুসৰি
Image of the Six Arrested With 9.4 Kg Suspected WY Tablets and Heroin in Jiribam.


জিৰিবাম (মণিপুৰ), ২১ আগষ্ট (হি.স.)। মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান চলাই ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ৯.৪১২ কেজি সন্দেহযুক্ত ইয়াবা টেবলেট আৰু ১৭৭ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন নং ৪ পাউদাৰ জব্দ কৰে।

আজি প্ৰকাশিত আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ২০ আগষ্টত বৰাক নদীৰ পাৰৰ টিপিদোৰ আৰু চৌধাৰীখাল গাঁৱৰ আশে-পাশে অসামাজিক উপাদানৰ চলাচল সম্পৰ্কে বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত বড়োৱেকৰা থানা, ৩৯ নং অসম ৰাইফলছ, আৰু ২০ বেটেলিয়ন চি আৰ পি এফৰ যুটীয়া দল এটাই বিশেষ অভিযান আৰম্ভ কৰে।

এই অভিযানৰ সময়ত টিপিড’ৰ গাঁৱৰ সমীপত এখন স্থানীয় নাওত যাত্ৰা কৰা ছয়জন ব্যক্তিক ৰখাই আটক কৰি ৰখা হয়। অনুসন্ধানৰ সময়ত উদ্ধাৰ হৈছে সন্দেহযুক্ত নিচাজাতীয় সামগ্ৰী।

আটকাধীন এলবেথেল লুংটাউ, পানা হমাৰ, ডেন্থাৰ হমাৰ, লালটিউংলিয়ান হমাৰ, লাল ৰামথাৰ হমাৰ, আৰু থৌনা হমাৰ। অধিক তদন্ত অব্যাহত আছে।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande