চামগুৰিত গৰু চোৰৰ সন্দেহত নিৰ্দোষী যুৱকক প্ৰহাৰ
নগাঁও, ২১আগষ্ট (হি.স.)। নিশা চামগুৰিত ম''ৰেল পুলিছিঙৰ ঘটনা। নিশা চামগুৰিৰ ৰঙাগড়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ পথ দুৰ্ঘটনা। গতি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুৎৰ খুঁটাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত আহত দুই যুৱকক ঘটনা স্থলীত উ
চামগুৰিত গৰু চোৰৰ সন্দেহত নিৰ্দোষী যুৱকক প্ৰহাৰ


নগাঁও, ২১আগষ্ট (হি.স.)। নিশা চামগুৰিত ম'ৰেল পুলিছিঙৰ ঘটনা। নিশা চামগুৰিৰ ৰঙাগড়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ পথ দুৰ্ঘটনা।

গতি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুৎৰ খুঁটাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত আহত দুই যুৱকক ঘটনা স্থলীত উপস্থিত একাংশ লোকে গৰু চোৰ বুলি সন্দেহ কৰি মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱকদ্বয়ে।

জানিব পৰা মতে, ৰূপহীৰ পৰা শালনালৈ অন্য দুই বন্ধুৰ সৈতে বিয়া খাবলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ খবৰ লাভ কৰি তেওঁলোকৰ আন কেইবাজনো বন্ধু ঘটনাস্থলীত উপস্থিত হয়। ভুক্তভোগী সকলৰ অভিযোগ অনুসৰি, ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে তেওঁলোককো মাৰপিট কৰাৰ লগতে আৰক্ষী উপস্থিত নোহোৱা পৰ্যন্ত পণবন্দী কৰি ৰখা হয়।

ইফালে, ঘটনাৰ খবৰ লাভ কৰি চামগুৰি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই যুৱকক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনাটোৱে চামগুৰিত আইন হাতত তুলি লোৱাৰ অভিযোগক লৈ সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande