তিতাবৰত সাংসদ গৌৰৱ গগৈ
যোৰহাট, ২১ আগষ্ট (হি.স.)। তিতাবৰত সাংসদ গৌৰৱ গগৈ। তিতাবৰৰ শ্ৰীশ্ৰী কমলাবাৰী সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সাংসদ পুঁজিৰ ৪ লাখ টকাৰ অনুদানেৰে চৌহদ বেৰা নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি সংসদ গৌৰৱ গগৈয়ে শেহতীয়া
তিতাবৰত সাংসদ গৌৰৱ গগৈ


যোৰহাট, ২১ আগষ্ট (হি.স.)। তিতাবৰত সাংসদ গৌৰৱ গগৈ। তিতাবৰৰ শ্ৰীশ্ৰী কমলাবাৰী সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সাংসদ পুঁজিৰ ৪ লাখ টকাৰ অনুদানেৰে চৌহদ বেৰা নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি সংসদ গৌৰৱ গগৈয়ে শেহতীয়াকৈ সৃষ্টি হোৱা অসম- মেঘালয়ৰ সংঘাতৰ বাবে ৰাজ্য চৰকাৰক জগৰীয়া কৰে।

বানপানীৰ সময়ত বান ক্ষতিগ্ৰস্তৰ কাষত থিয় নোহোৱা , বান সাহাৰ্য প্ৰদান নকৰা , কাজিৰঙাৰ একো চেনচিটিভ জোন ১০ কিলোমিটাৰলৈকে অন্তৰ্ভুক্ত কৰাৰ বিষয়ত সাংসদ গৰাকীৰ নৃকৃষ্ট ৰাজনীতিক জনসাধাৰণ, দল-সংগঠনে সমালোচনা কৰা বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

আনহাতে নগাঁৱৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ দৰে কংগ্ৰেছো সাজু বুলি মন্তব্য কৰি নিৰ্বাচন কেতিয়া হ'ব প্ৰথমে সেই বিষয়টো স্পষ্ট কৰিবৰ বাবে মন্তব্য আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande