
গোৱালপাৰা, ২১ আগষ্ট (হি.স.)। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস। আজি পুনৰ বন্যহস্তীৰ আক্ৰমণত এজন নিহত ৷ অকলশৰীয়া এটা হাতীৰ আক্ৰমণত থিতাতে নিহত এজন৷ দুধনৈৰ উপৰতোলা শালনী ঝাৰৰ কাষতে সংঘটিত হৈছে উক্ত ঘটনা৷ নিশাই চাৰি গৰাকী ব্যক্তি মাছ ধৰিবলৈ আহি ওৰে নিশা কটাইছিল পথাৰত৷
পুৱা হঠাৎ হাতীটো উক্ত স্থানত উপস্থিত হৈ প্ৰথমে দুখন বাইকৰ ওপৰত আক্ৰমণ চলাই চূৰ্ণবিচূৰ্ণ কৰে৷ বাইক ভঙাত হাতী অহাৰ উমান পাই চাৰিও গৰাকী লোক দৌৰি পলাবলৈ চেষ্টা কৰে৷ তিনি গৰাকী লোক পলাই জীৱন ৰক্ষা কৰে যদিও এজনক গচকি নিহত কৰে৷ নিহত লোকজনক মাজ-জাখিলী শিঙিজানী গাওঁৰ মন্টু নাথ বুলি জানিব পৰা গৈছে৷ ঘটনাস্থলীত বনকৰ্মী , আৰক্ষীৰ লোক উপস্থিত৷ হাতীটোয়ে লোকজনক আক্ৰমণ কৰি বৰ্তমান বৰঝাৰ বনাঞ্চলত পুৱা প্ৰৱেশ কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা