বিজেপিৰ মুখপাত্ৰ আৰ পি সিঙৰ ১৯৮৪ চনৰ সংঘৰ্ষক লক্ষ্য কংগ্ৰেছক আক্ৰমণ
নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰ পি সিঙে ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষক লৈ কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে। ইনষ্টাগ্ৰামত এটা পোষ্টত তেওঁ কংগ্ৰেছ নেতাসকলে সজ্জন কুমাৰক “আদৰ্শ” আৰু “অপুৰণীয় ক্ষতি” হিচাপে চিত্ৰিত কৰা বুলি
आरपी सिंह फाइल फोटो


নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰ পি সিঙে ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষক লৈ কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে। ইনষ্টাগ্ৰামত এটা পোষ্টত তেওঁ কংগ্ৰেছ নেতাসকলে সজ্জন কুমাৰক “আদৰ্শ” আৰু “অপুৰণীয় ক্ষতি” হিচাপে চিত্ৰিত কৰা বুলি অভিযোগ উত্থাপন কৰে।

আৰ পি সিঙে কয় যে ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষত সজ্জন কুমাৰক দোষী সাব্যস্ত কৰা হৈছিল। এনে এজন ব্যক্তিক মহিমামণ্ডিত কৰাটোৱে ১৯৮৪ চনৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ চিন্তাধাৰাক প্ৰতিফলিত কৰে বুলি অভিযোগ কৰে। তেওঁ কয় যে যেতিয়া দোষীক সন্মান জনোৱা হয় আৰু ভুক্তভোগীক পাহৰি যায় তেতিয়া কংগ্ৰেছৰ ভূমিকাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন হয়।

বিজেপিৰ মুখপাত্ৰই তেওঁৰ বিবৃতিত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ বিতৰ্কিত বক্তব্যৰ কথাও উল্লেখ কৰে, য’ত তেওঁ কয় যে, “ডাঙৰ গছ সৰিলে পৃথিৱীখন অলপ কঁপি উঠে”। আৰ পি সিঙে কয় যে ১৯৮৪ চনত দিল্লীত নিহত হোৱা প্ৰায় ৩ হাজাৰ শিখ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে ই কেৱল “পৃথিৱীৰ সামান্য কঁপনি” নহয়, বৰঞ্চ তেওঁলোকৰ সমগ্ৰ জীৱন ছিন্নভিন্ন কৰি পেলোৱা এক ট্ৰেজেডী।

আৰ পি সিঙে কয় যে ১৯৮৪ চনৰ সংঘৰ্ষত পুত্ৰ, স্বামী, পিতৃ, ভাতৃ হেৰুওৱা পৰিয়ালবোৰে সেই যন্ত্ৰণা কেতিয়াও পাহৰিব নোৱাৰে। ৰাজনৈতিক শ্ৰদ্ধাঞ্জলিয়ে ভুক্তভোগীৰ পৰিয়ালৰ যন্ত্ৰণা আৰু সেই ঘটনাৰ স্মৃতি মচি পেলাব নোৱাৰে বুলিও তেওঁ কয়।

১৯৮৪ চনৰ হিংসাৰ বাবে দোষী সাব্যস্ত কৰা লোকসকলক মহিমামণ্ডিত কৰাটো ভুক্তভোগীৰ ঘাঁত নিমখ ঘঁহি দিয়াৰ দৰেই বুলি অভিযোগ উত্থাপন কৰে বিজেপি নেতাগৰাকীয়ে। ১৯৮৪ চনৰ ঘটনাবোৰ শিখ সমাজে কেতিয়াও পাহৰিব নোৱাৰে বুলি উল্লেখ কৰি কংগ্ৰেছ নেতাসকলৰ বক্তব্যই সেই সময়ছোৱাৰ সন্দৰ্ভত দলটোৰ চিন্তাধাৰাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande