ৰঙিয়াত নিৰ্মাণ হ'ব খণ্ড পশু চিকিৎসালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ ভৱন
কামৰূপ, ২১ আগষ্ট (হি.স.)। ৰঙিয়াত নিৰ্মাণ হ''ব খণ্ড পশু চিকিৎসালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ ভৱন। ১ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ হবলগা এই প্ৰকল্পৰ আধাৰশিলা কৰিলে পশুপালন মন্ত্ৰী নিলীমা দেৱীয়ে। কামৰূপ জিলাৰ ভিতৰতেই একমাত্ৰ হ''ব এই প্ৰশিক্ষণ কেন্দ
ৰঙিয়াত নিৰ্মাণ হ'ব খণ্ড পশু চিকিৎসালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ ভৱন


কামৰূপ, ২১ আগষ্ট (হি.স.)। ৰঙিয়াত নিৰ্মাণ হ'ব খণ্ড পশু চিকিৎসালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ ভৱন।

১ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ হবলগা এই প্ৰকল্পৰ আধাৰশিলা কৰিলে পশুপালন মন্ত্ৰী নিলীমা দেৱীয়ে।

কামৰূপ জিলাৰ ভিতৰতেই একমাত্ৰ হ'ব এই প্ৰশিক্ষণ কেন্দ্ৰ।

গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি ৩১ (আৰ আই ডি এফ)ৰ অধীনত নিৰ্মাণ কৰা হ'ব এই প্ৰশিক্ষণ কেন্দ্ৰ।

এই কেন্দ্ৰটোত প্ৰশিক্ষণ দিয়া হ'ব পশুপালক সকলক।

ৰঙিয়া তিনিআলিৰ পশু চিকিৎসালয় চৌহদত আধাৰশিলা স্থাপন কৰিলে পশুপালন মন্ত্ৰী নিলীমা দেবীয়ে।

এই কাৰ্য্যসূচীত উপস্থিত থাকিল বিধায়ক ভবেশ কলিতাকে ধৰি ৰঙিয়া সমজিলা আয়ুক্ত সহ পশুপালন বিভাগৰ বিষয়ববীয়া সকল।

নতুনকৈ নিৰ্মাণ হ'বলগীয়া এই পশপালন আৰু প্ৰশিক্ষণ কেন্দ্ৰই উপকৃত কৰিব অঞ্চলটোৰ পশুপালক সকলক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande