এটুপি বিশুদ্ধ খোৱা পানীৰ দাবীত তিতাবৰ চৈকটা চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ
যোৰহাট ,২১ আগষ্ট (হি.স.)। এটুপি বিশুদ্ধ খোৱা পানীৰ দাবীত তিতাবৰ চৈকটা চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ ।পানীয়ে প্ৰাণীৰ প্ৰান,কিন্তু সেই এটুপি খোৱা পানীৰ বাবে আজি হাহাকাৰ । জান জুৰি নদীৰ পানী সেৱন কৰাত বিভিন্ন ৰোগে দেখা দিছে। চৈকটা চাহ বাগিছাৰ শ্ৰমিক সক
এটুপি বিশুদ্ধ খোৱা পানীৰ দাবীত তিতাবৰ চৈকটা চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ


যোৰহাট ,২১ আগষ্ট (হি.স.)। এটুপি বিশুদ্ধ খোৱা পানীৰ দাবীত তিতাবৰ চৈকটা চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ ।পানীয়ে প্ৰাণীৰ প্ৰান,কিন্তু সেই এটুপি খোৱা পানীৰ বাবে আজি হাহাকাৰ । জান জুৰি নদীৰ পানী সেৱন কৰাত বিভিন্ন ৰোগে দেখা দিছে। চৈকটা চাহ বাগিছাৰ শ্ৰমিক সকলে আজি এটুপি বিশুদ্ধ খোৱা পানিৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ।

এটুপি খোৱা পানী বিছাৰি প্ৰতিবাদ কৰিব লগীয়া হৈছে বাগিছাৰ শ্ৰমিক সকলে । আজি কেইবামাহ ধৰি পানী যোগান আচনি খন বিকল হৈ থকাত পানীৰ পৰা বঞ্চীত হৈছে শ্ৰমিক সকল । চৈকটা বাগিছা কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ বাবে এইদৰে প্ৰতিবাদ কৰিবলৈ উলাই আহিল শ্ৰমিক সকল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande