ধুবুৰীত চিপিআই (এম)ৰ এক ঘন্টিয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী
ধুবুৰী, ২১ আগষ্ট (হি.স.)। ধুবুৰীত চিপিআই (এম)ৰ এক ঘন্টিয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী। বানপানী, গড়া খহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু বানপীড়িতকলৈ সাহায্য সংস্থাপনৰ দাবীত চি পি আই (এম)ৰ এক ঘন্টিয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। বিশেষকৈ অসমৰ বা
ধুবুৰীত চিপিআই (এম)ৰ এক ঘন্টিয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী


ধুবুৰী, ২১ আগষ্ট (হি.স.)। ধুবুৰীত চিপিআই (এম)ৰ এক ঘন্টিয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী।

বানপানী, গড়া খহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু বানপীড়িতকলৈ সাহায্য সংস্থাপনৰ দাবীত চি পি আই (এম)ৰ এক ঘন্টিয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

বিশেষকৈ অসমৰ বানপানী গৰাখহনীয়া সমস্যাক জাতীয় সমস্যা হিচাপে বিবেচনা কৰি স্থায়ী সমাধানৰ বাবে সময় নিৰ্ধাৰণ কৰি কাৰ্যসূচী ঘোষণা কৰক। উজনি অসমত হৈ যোৱা বান বিভীষিকাৰ তাণ্ডৱৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সহায় সহযোগিতা কৰাৰ দাবী উত্থাপন কৰে।হাতে হাতে প্লে-কাৰ্ড বেনাৰ লৈ ধুবুৰীৰ এছ ডি চি কার্যলয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।শেষত ধুবুৰী চক্ৰ বিষয়া ৰ হাতত স্মাৰক পত্ৰ জমা দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande