
নলবাৰী, ২১ আগষ্ট (হি.স.)। নলবাৰীত সংঘটিত হৈছে এক শোকাবহ ঘটনা। নলবাৰীৰ নমাটিত সংঘটিত হৈছে উক্ত শোকাবহ ঘটনাটো।
গৰু চোৰৰ উপদ্ৰৱ বন্ধ কৰিবলৈ নিজৰ গোহালিত লগাইছিল বিদ্যুতৰ তাৰ৷ নমাটিৰ বনজিত কলিতাৰ গোহালিত লগাইছিল বিদ্যুতৰ তাঁৰ। পিছে আনলৈ বুলি হুলপুতি নিজে মৰে ফুটি সেই আপ্তবাক্যশাৰীয়ে যেন প্ৰমানিত হল নলবাৰীত।
অসাৱধানতাই কাল হ’ল নলবাৰীৰ নমাটিৰ বনজিত কলিতাৰ৷ গৰু চোৰৰ উপদ্ৰৱত ৰ’ব নোৱাৰি নিজৰ গোহালিত লগোৱা বিদ্যুৎৰ তাঁৰত লাগি জীৱন শেষ হ’ল বনজিত কলিতাৰ৷ নিজে লগোৱা বিদ্যুতৰ তাঁৰত লাগি শোকাবহ মৃত্যুক সাৱতি ললে বনজিত কলিতাই। ইতিমধ্যে
ঘটনাস্থলীত উপস্থিত হৈছে নলবাৰী আৰক্ষী৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা