
মানকাচৰ, ২১ আগষ্ট (হি.স.)। হাটশিঙিমাৰীত কালি বিয়লি খাৰুৱা বান্ধা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।আৰক্ষীৰ অভিযানত জব্দ নিচাজাতীয় টেবলেটসহ আটক এটা ড্ৰাগছ সৰবৰাহকাৰী ।
আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটো সুখচৰ থানা এলেকাৰ ভুতিয়াডাঙা গাওঁৰ নুৰুল আছিদ(৩৫) ড্ৰাগছ সৰবৰাহকাৰীটো হাটশিঙিমাৰীত ছুপাৰ মাৰ্কেটত ড্ৰাগছ সৰবৰাহ কৰাৰ উদ্দেশ্যে আনিছিল নিচাজাতীয় মাৰাত্মক টেবলেট সমুহ ।আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নুৰুল আছিদ(৩৫) ক আটক কৰাৰ লগতে ১৬১ টা নিচাজাতীয় টেবলেট আৰু এটা কফচিৰাফ ৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ