যাত্ৰী সেৱা আৰু মালবাহী পৰিবহণৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ  উল্লেখযোগ্য সফলতা
গুৱাহাটী, ২১ আগষ্ট (হি.স.)। ২০২৬ চনত উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰী সেৱা, সময়ানুবৰ্তিতা, আন্তঃগাঁথনি আৰু মালবাহী পৰিবহণৰ ক্ষেত্ৰত কেইবাটাও উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত ৰে’ল যোগাযোগ অধিক শক্তিশালী হোৱাৰ লগতে যাত্ৰীসকলৰ
যাত্ৰী সেৱা আৰু মালবাহী পৰিবহণৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ  উল্লেখযোগ্য সফলতা


গুৱাহাটী, ২১ আগষ্ট (হি.স.)। ২০২৬ চনত উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰী সেৱা, সময়ানুবৰ্তিতা, আন্তঃগাঁথনি আৰু মালবাহী পৰিবহণৰ ক্ষেত্ৰত কেইবাটাও উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত ৰে’ল যোগাযোগ অধিক শক্তিশালী হোৱাৰ লগতে যাত্ৰীসকলৰ সুবিধাও বৃদ্ধি পাইছে।

২০২৬ চনত এতিয়ালৈকে বন্দে ভাৰত শ্লীপাৰ, অমৃত ভাৰত আৰু মেইল/এক্সপ্ৰেছ ৰে’লকে ধৰি মুঠ ১৪ যোৰ নতুন ৰে’ল সেৱা আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰি, মুঠ ৬৭৪টা বিশেষ ৰে’ল ট্ৰিপ চলোৱা হৈছে, যিটো যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ২৩% অধিক। ইয়াৰ ভিতৰত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ যাত্ৰীসকলৰ সুবিধাৰ বাবে ৯২ টা বিশেষ ট্ৰিপ চলোৱা হৈছে। আনহাতে চলিত বৰ্ষৰ জুলাই মাহত আগৰতলা আৰু কৰিমগঞ্জৰ মাজত প্ৰথমখন মেমু ৰে'ল সেৱাও আৰম্ভ কৰা হয়।

যাত্ৰীসকলৰ সুবিধা অধিক উন্নত কৰাৰ অৰ্থে ২৩০ টা পিআৰএছ স্থানক পৰৱৰ্তী প্ৰজন্মৰ জিইউআই আধাৰিত পিআৰএছলৈ ৰূপান্তৰ কৰা হৈছে লগতে নিউ জলপাইগুড়ী আৰু গুৱাহাটীত নতুন যাত্ৰী সুবিধা সংযোজন কৰা হৈছে। ৪৯খন ৰে’লত পেণ্ট্ৰি সেৱা, ৮টা ষ্টেচনত সংহত যাত্ৰী তথ্য প্ৰণালী আৰু ৪ টা ষ্টেচনত ১০ খন নতুন লিফ্ট স্থাপন কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ইট ৰাইট চাৰ্টিফিকেচন লাভ কৰা ষ্টেচনৰ সংখ্যা ২৫টালৈ আৰু কেম্পাছৰ সংখ্যা ৪টালৈ বৃদ্ধি পাইছে। যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে নিয়মীয়া আৰু বিশেষ ৰে’লসমূহত অতিৰিক্ত ডবা সংযোজন কৰা হৈছে।

মালবাহী ৰে'লৰ পৰিচালনৰ ক্ষেত্ৰতো উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হৈছে। ৭ টা নতুন মালবাহী টাৰ্মিনেল স্থাপন কৰা হৈছে, যাৰ ভিতৰত হাবাইপুৰ আৰু বাইহাটাত গতি শক্তি কাৰ্গো টাৰ্মিনালো অন্তৰ্ভুক্ত আছে।

চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাইলৈ মালবাহী সামগ্ৰীৰ লোডিং ৭% বৃদ্ধি হৈছে। ইয়াৰ ভিতৰত চিমেণ্টৰ লোডিং ১৬০% আৰু ডল’মাইটৰ লোডিং ২৮.৪% বৃদ্ধি হয়। আনহাতে চলিত বৰ্ষৰ জুলাই মাহত ভাৰতৰ পৰা পোন প্ৰথমবাৰৰ বাবে এখন কণ্টেইনাৰ ৰে’ল নেপালত উপস্থিত হয়, যাৰদ্বাৰা আঞ্চলিক মালবাহী সংযোগৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

যোগীঘোপা ৰে’ল ষ্টেচন য়াৰ্ড আৰু যোগীঘোপা মাল্টি ম’ডেল লজিষ্টিকছ পাৰ্ক (এমএমএলপি)-ৰ মাজৰ ট্ৰেক-লিংকিং কামো সম্পূৰ্ণ কৰা হৈছে।

ইয়াৰ ফলত এমএমএলপিৰ সৈতে অবিৰত ৰে’ল সংযোগ স্থাপন কৰি অধিক দক্ষতাৰে মালবাহী সামগ্ৰী পৰিবহণৰ পথ প্ৰশস্ত হৈছে। এই পদক্ষেপসমূহে উত্তৰ-পূৰ্বাঞ্চলত যাত্ৰী সেৱাৰ উন্নতি, পৰিচালনাগত দক্ষতা বৃদ্ধি, ৰে’ল যোগাযোগ সুদৃঢ়কৰণ আৰু মালবাহী পৰিবহণৰ বিকাশৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande