১০০ দিনত উন্নয়নৰ নতুন গতি: মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকশিত অসমৰ দৃঢ় পদক্ষেপ”-বিজেপি
গুৱাহাটী, ২১ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ , দূৰদৰ্শী আৰু জনমুখী নেতৃত্বত ৰাজ্যৰ বিজেপি চৰকাৰে আজি ১০০ দিনৰ এক উল্লেখযোগ্য যাত্রা সম্পূৰ্ণ কৰিলে। এই ১০০ দিনত চৰকাৰে গ্ৰহণ কৰা একাধিক যুগান্তকাৰী সিদ্ধান্তই ''বিকশিত অসম''
১০০ দিনত উন্নয়নৰ নতুন গতি: মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকশিত অসমৰ দৃঢ় পদক্ষেপ”-বিজেপি


গুৱাহাটী, ২১ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ , দূৰদৰ্শী আৰু জনমুখী নেতৃত্বত ৰাজ্যৰ বিজেপি চৰকাৰে আজি ১০০ দিনৰ এক উল্লেখযোগ্য যাত্রা সম্পূৰ্ণ কৰিলে। এই ১০০ দিনত চৰকাৰে গ্ৰহণ কৰা একাধিক যুগান্তকাৰী সিদ্ধান্তই 'বিকশিত অসম'ৰ সংকল্পক অধিক শক্তিশালী কৰাৰ লগতে ৰাজ্যখনৰ উন্নয়ন, নিয়োগ, শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি, কৃষি, উদ্যোগ আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্রত এক নতুন দিশ মুকলি কৰিছে। এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীৰ।

গোস্বামীয়ে কয় যে, এই ১০০ দিন কেৱল সময়ৰ হিচাপ নহয়, ই অসমৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ দিশত চৰকাৰৰ দৃঢ় সংকল্প আৰু কার্যক্ষমতাৰ ১০০ দিন।” তেওঁ কয় যে, চৰকাৰৰ সিদ্ধান্তসমূহত একে সময়তে উন্নয়ন, জনকল্যাণ, অর্থনৈতিক শক্তিশালীকৰণ আৰু অসমীয়া সমাজৰ স্বাৰ্থক অগ্রাধিকাৰ দিয়া হৈছে।

১০০ দিনত কেইটামান উল্লেখযোগ্য পদক্ষেপৰ কথা সদৰি কৰি মুখপাত্রগৰাকীয়ে কয় যে প্রথম কেবিনেট বৈঠকতেই চৰকাৰে ব্যয় সংকোচনৰ বাবে চৰকাৰী বাহন ক্ৰয়ত ছমাহৰ নিষেধাজ্ঞা, বিদেশ ভ্রমণত নিয়ন্ত্রণ, ইন্ধন ব্যয় ২০ শতাংশ হ্রাস আৰু চৰকাৰী কাম-কাজত অধিক ডিজিটেল পদ্ধতি ব্যৱহাৰৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰে। একে বৈঠকতে অসমৰ সামাজিক-সাংস্কৃতিক বৈশিষ্ট্যক সম্মান জনাই ইউনিফৰ্ম চিভিল কোড ৰ খচৰা অনুমোদন জনোৱা হয়।

নিয়োগ আৰু জীৱিকাৰ ক্ষেত্ৰত নতুন দিগন্ত অসমত বিকছিত ভাৰত গোৰেন্টী ফৰ ৰোজগাৰ এণ্ড আজিভিকা মিছন (ভিবি-জি ৰাম জি ) ৰূপায়ণৰ সিদ্ধান্ত গ্রহণ কৰি গ্রামাঞ্চলৰ লোকৰ বাবে নিয়োগ আৰু জীৱিকাৰ সুযোগ অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰতো বিশেষ টাস্ক ফোৰ্ছ গঠন কৰি বৃহৎ সংখ্যক পদ পূৰণৰ দিশত গুৰুত্ব দিয়া হৈছে।

যুৱ সমাজৰ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠন- নিয়োগৰ সুবিধা, কেৰিয়াৰ নিৰ্দেশনা, উদ্যোগিতা আৰু নেতৃত্ব বিকাশৰ ওপৰত গুৰুত্ব আৰোপে অসমৰ যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি তোলাৰ চৰকাৰৰ প্রতিশ্রুতি প্রতিফলিত কৰিছে।

শিক্ষা খণ্ডত ঐতিহাসিক সংস্কাৰ, উচ্চ শিক্ষাৰ সম্প্ৰসাৰণ- অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদৰ পুনর্গঠন, আই আই ম গুৱাহাটী আৰু আই আই টি গুৱাহাটী ৰ দৰে প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ভূমি হস্তান্তৰ, ব্যক্তিগত বিশ্ববিদ্যালয় আৰু বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত নতুন নীতি-এই সকলো পদক্ষেপে অসমক উত্তৰ-পূৰ্বাঞ্চলৰ এক শক্তিশালী শিক্ষা কেন্দ্র হিচাপে গঢ়ি তোলাৰ পথ প্রশস্ত কৰিছে।

স্বাস্থ্য আৰু চিকিৎসা শিক্ষাত সমতা-চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ /বিডিএছ নামভৰ্তিৰ ক্ষেত্রত নতুন ব্যৱস্থা গ্রহণ কৰি মৰাণ, মটক, কোচ-ৰাজবংশী, তাই আহোম, চুতীয়া আদি বিভিন্ন সামাজিক গোটৰ বাবে আসন সংৰক্ষণ আৰু অসমৰ স্থায়ী বাসিন্দা অনাথ শিক্ষার্থীৰ বাবে বিশেষ সুবিধাৰ ব্যৱস্থা কৰা হৈছে। এই সিদ্ধান্তই সামাজিক ন্যায় আৰু সমতাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ পদক্ষেপ।

কৃষক আৰু কৃষি অর্থনীতিৰ প্রতি বিশেষ গুৰুত্ব প্রদান ক্ষুদ্র আৰু সীমান্ত কৃষকক উৎসাহিত কৰা, কৃষি খণ্ডত উপাৰ্জনৰ ওপৰত কৰ ৰেহাইৰ ব্যৱস্থা আৰু কৃষি-উদ্যোগক অধিক শক্তিশালী কৰাৰ পদক্ষেপে ৰাজ্যৰ কৃষি অর্থনীতিক নতুন গতি প্রদান কৰিব।

নগৰ উন্নয়ন আৰু আন্তঃগাঁথনিৰ ব্যাপক পৰিকল্পনা- গুৱাহাটীৰ চৌপাশে গুৱাহাটী ছেটেলাইট চিটিছ ডেভলেপমেন্ট অথৰিটি গঠনৰ সিদ্ধান্ত, চেটেলাইট চিটি উন্নয়ন, ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে ষ্টেট কেপিটেল ৰিজন ডেভেলপমেন্ট অথৰিটি, ডিব্ৰুগড়, গঠন আৰু বৃহৎ পৰিমাণৰ আন্তঃগাঁথনি বিনিয়োগ-এই পদক্ষেপসমূহে অসমৰ ভৱিষ্যৎ নগৰ পৰিকল্পনাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে।

বিধায়কসকলৰ লোকেল এৰিয়া ডেভলপমেন্ট ফাণ্ড বৃদ্ধি ৰাজ্যৰ সকলো বিধানসভা সমষ্টিত উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এম এল এ এল এ ডি পুঁজিৰ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্তে সমষ্টি ভিত্তিক উন্নয়নক অধিক শক্তিশালী কৰিব।

চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কল্যাণ ৰাজ্যিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডি এ/ডিআৰ ৫৮ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তই কৰ্মচাৰী সমাজৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা আৰু কল্যাণমুখী দৃষ্টিভংগী প্রকাশ কৰিছে। উদ্যোগ, বিনিয়োগ আৰু ইছ অফ ডুইং বিজনেছ অসম ব্যৱসায় সবলীকৰণ, এম এছ এমই, উদ্যোগিক সম্পর্ক আৰু শ্রমিক কল্যাণৰ ক্ষেত্ৰত নতুন বিধি-ব্যবস্থা গ্রহণ কৰা হৈছে। ইয়াৰ ফলত ৰাজ্যত বিনিয়োগৰ পৰিৱেশ অধিক সুদৃঢ় হোৱাৰ লগতে নতুন উদ্যোগ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব।

পৰ্যটন আৰু আতিথ্য খণ্ডৰ বিকাশ- আছাম টুৰিজ্যিম হমষ্টে (ডেভলপমেন্ট ) ফ্ৰেমৱাৰ্ক ৰ অনুমোদনে ৰাজ্যৰ গ্ৰাম্য আৰু স্থানীয় পর্যটনক উৎসাহিত কৰাৰ লগতে ক্ষুদ্র উদ্যোগী আৰু স্থানীয় যুৱক-যুৱতীৰ বাবে নতুন জীৱিকাৰ সুযোগ সৃষ্টি কৰিব।

শক্তি আৰু পৰিৱেশ সংৰক্ষণ সৌৰ শক্তি ক্রয়, কাৰ্বন চিকুৱেষ্ট্ৰেচন , পৰিৱেশবান্ধৱ উন্নয়ন আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্তসমূহে অসমৰ অর্থনৈতিক বিকাশৰ সৈতে পৰিৱেশ সংৰক্ষণৰ সমন্বয় সাধনৰ দিশত গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা হৈছে।

সামাজিক ন্যায় আৰু সুৰক্ষা- শিশু সুৰক্ষা নীতি, কোচিং প্রতিষ্ঠানৰ নিয়ন্ত্রণ, পিছপৰা শ্ৰেণীৰ বাবে এন চি এল প্ৰমাণপত্ৰৰ সুবিধা, বিভিন্ন জনগোষ্ঠীৰ বাবে সামাজিক আৰু শৈক্ষিক সুযোগ বৃদ্ধি-এই সিদ্ধান্তসমূহে এখন অধিক ন্যায়সংগত আৰু সমতাভিত্তিক অসম গঢ়াৰ চৰকাৰৰ লক্ষ্য স্পষ্ট কৰিছে।

জয়ন্ত কুমাৰ গোস্বামীয়ে লগতে কয়, ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিজেপি চৰকাৰৰ ১০০ দিনৰ এই যাত্রাই প্রমাণ কৰিছে যে সংকল্প, সদিচ্ছা আৰু সুদক্ষ প্রশাসন একেলগে থাকিলে অসমক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যোৱা সম্ভৱ। 'বিকশিত অসম' এতিয়া কেবল এটা সপোন নহয়-ই এক সুপৰিকল্পিত যাত্রা। মুখপাত্ৰগৰাকীয়ে অসমৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰি কয় যে, জনতাৰ আস্থা আৰু সহযোগিতাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰক অধিক শক্তিশালীভাৱে অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাই আহিছে। ১০০ দিনৰ এই সফলতাৰ পৰা আৰম্ভ হৈছে আৰু অধিক বৃহৎ উন্নয়নৰ যাত্রা-সমৃদ্ধ, শক্তিশালী আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ সংকল্পৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande