উজনি অসমৰ বানপানীক জাতীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবীঃ সৰভোগত চিপিআই(এম)ৰ
বৰপেটা,২১ আগষ্ট (হি.স.)। উজনি অসমৰ বানপানীক জাতীয় দুৰ্যোগ হিচাপে ঘোষণা কৰা,বানপানী সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰা আৰু বানপীড়িত লোকসকলৰ বাবে সাহায্য বৃদ্ধি কৰাৰ দাবীত ৰাজ্যজুৰি পালন কৰা দাৱী দিৱসৰ অংশ হিচাপে সৰভোগতো বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হ
উজনি অসমৰ বানপানীক জাতীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবীঃ সৰভোগত চিপিআই(এম)ৰ


বৰপেটা,২১ আগষ্ট (হি.স.)। উজনি অসমৰ বানপানীক জাতীয় দুৰ্যোগ হিচাপে ঘোষণা কৰা,বানপানী সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰা আৰু বানপীড়িত লোকসকলৰ বাবে সাহায্য বৃদ্ধি কৰাৰ দাবীত ৰাজ্যজুৰি পালন কৰা দাৱী দিৱসৰ অংশ হিচাপে সৰভোগতো বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হয়।চিপিআই(এম)ৰ সৰভোগ জোনেল কমিটিৰ উদ্যোগত অনুষ্ঠিত এই বিক্ষোভ কাৰ্যসূচী প্ৰায় ১১ বাজি ৩৫ মিনিটত সৰভোগ গান্ধী ময়দানৰ পৰা আৰম্ভ হয়৷

বিক্ষোভকাৰী সকলে বিভিন্ন দাবীৰ সমৰ্থনত শ্লোগান দি সমদল কৰি বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়।পৰৱৰ্তী সময়ত বিক্ষোভকাৰীসকলে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে,বিক্ষোভ কাৰ্যসূচীত ৪০ নং সৰভোগ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে চিপিআই(এম)ৰ তিনিখন লোকেল কমিটিৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে৷বিক্ষোভকাৰীসকলে উজনি অসমৰ বানপানীৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বানপীড়িত লোকসকলক পৰ্যাপ্ত সাহায্য প্ৰদান কৰাৰ লগতে বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ দাবী জনায়।

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande