
কামৰূপ, ২১ আগষ্ট (হি.স.)।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এখন বাহনতে অত্যাধিক পৰিমাণে ম'হ বা পশুধন কঢ়িয়াই চলোৱা অবৈধ সৰবৰাহৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ পশু পালন মন্ত্ৰী নিলিমা দেৱী গৰাকীয়ে কয় যে এনেদৰে ক্ষমতাৰ অধিক পশু কঢ়িয়াই নিয়াটো অনুচিত আৰু ই পশুৰ ওপৰত চৰম নিৰ্যাতন। এই সন্দৰ্ভত তেওঁ সচেতন ৰাইজক আহ্বান জনায় যাতে এনেধৰণৰ ঘটনা চকুত পৰিলে তৎকালে প্ৰশাসনক অৱগত কৰে, যাতে প্ৰশাসনে এইক্ষেত্ৰত যথোপযুক্ত আইনী পদক্ষেপ গ্ৰহণ কৰিব পাৰে।
উল্লেখযোগ্য যে ৰেলেৰে মহ সৰবৰাহ কৰি ৰেলৰ পৰা মহ ট্ৰাকত নি সততে পশু সুৰক্ষা আইন উলংঘন কৰাৰ লগতে পশু পৰিবহন আইনো একাংশ সৰবৰাহকাৰীয়ে উলংঘন কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা