মণিপুৰত উদ্ধাৰ অস্ত্ৰৰ কেচ, গ্ৰেপ্তাৰ দুজনক; জব্দ ৪৫ কেজি সন্দেহযুক্ত আফিং
ইম্ফল, ২১ আগষ্ট (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে পৃথকে পৃথকে অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ভঁৰাল উদ্ধাৰ কৰিছে। ৪৫ কেজি সন্দেহযুক্ত আফিংসহ দুজন লোকক আটক কৰা হৈছে । ফেচবুক মাৰ্কেটপ্লেছৰ জৰিয়তে প্ৰৱঞ্চনাৰে আইফোন চুৰি কৰাৰ অভিযোগত দুজন অভি
Images of the Recovery of Arms Cache and Arrest of Two accused in Opium Case.


ইম্ফল, ২১ আগষ্ট (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে পৃথকে পৃথকে অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ভঁৰাল উদ্ধাৰ কৰিছে। ৪৫ কেজি সন্দেহযুক্ত আফিংসহ দুজন লোকক আটক কৰা হৈছে । ফেচবুক মাৰ্কেটপ্লেছৰ জৰিয়তে প্ৰৱঞ্চনাৰে আইফোন চুৰি কৰাৰ অভিযোগত দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে চাইবাৰ অপৰাধ আৰক্ষীয়ে।

আজি আৰক্ষীয়ে জনোৱা মতে, ২০ আগষ্টত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মৰেহ থানা আৰু ৩৬ নং অসম ৰাইফলছৰ যৌথ দলে ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপৰ ৭৩ নং সীমান্ত স্তম্ভৰ সাধাৰণ এলেকাত অভিযান চলাইছিল। অভিযানৰ সময়ত বনাঞ্চলত লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ভঁৰাল উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা এম-১৫ ৰাইফল মেগজিনযুক্ত, এটা এম এ জি-৩ ৰাইফল মেগজিনযুক্ত, এটা দেশত নিৰ্মিত পিষ্টল, ৬টা একক বেৰেল অস্ত্ৰ, দুটা দেশত নিৰ্মিত ৰাইফল, এটা .২২ ৰাইফল, ১০টা ৰেডিঅ’ চেট, ৫টা ড্ৰ’ন বোমা, ৫টা আই ই ডি, এটা কন্দুৱা গেছৰ বন্দুক, ১৭টা কন্দুৱা গেছৰ শ্বেল, দুটা গ্ৰেনেড, দুটা বুলেটপ্ৰুফ জেকেট, আৰু পাঁচটা লাইভ কাৰ্টিজ।

আন এক অভিযানত সেনাপতি জিলা আৰক্ষীয়ে খোংনেম থানা গাঁৱত তালাচী চলাই কাংপোকপি থানা এলেকাৰ লামচোকৰ ইৰাং পাৰ্ট-১ নিবাসী সনেশ লিম্বু (২৫) আৰু শচীন থাপা (২০)ক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ হাতৰ পৰা ৪৬ পেকেটত থকা প্ৰায় ৪৫ কিলোগ্ৰাম সন্দেহযুক্ত আফিং, এখন থাৰ ৰক্স বাহন আৰু নগদ ১০ হাজাৰ ₹ উদ্ধাৰ কৰা হৈছে।

ইফালে, মণিপুৰ চাইবাৰ ক্ৰাইম পুলিচে ফেচবুক মাৰ্কেটপ্লেচত বিজ্ঞাপন দিয়া আইফোন ১৬ প্ৰ’ মেক্স এখন জালিয়াতিৰে চুৰি কৰাৰ অভিযোগত ইম্ফল ইষ্টৰ পেলেচ কম্পাউণ্ডৰ বাসিন্দা আশ্বেম ৰোজিত সিং (৩৩) আৰু মণিপুৰখুৰি ফ্ৰেণ্ডছ কলনীৰ বাসিন্দা নাচুম্বেমো য়ানথাং (৩৪)ক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ মতে, অভিযুক্তই ভুৱা একাউণ্টৰ জৰিয়তে অভিযোগকাৰীৰ সৈতে যোগাযোগ কৰি প্ৰকৃত ক্ৰেতা হিচাপে নিজকে দেখুৱাইছিল। বৈঠকৰ সময়ত তেওঁলোকে মোবাইল ফোনটো নিজৰ দখললৈ লৈ কোনো ধৰণৰ ধন নিদিয়াকৈ পলায়ন কৰে। তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই ফেচবুক মাৰ্কেটপ্লেছত উচ্চমানৰ মোবাইল ফোন বিক্ৰী কৰা আন ব্যক্তিক একে ধৰণেৰে লক্ষ্য কৰি লৈছে।

চাইবাৰ ক্ৰাইম আৰক্ষীয়ে নাগৰিকসকলক অনলাইন ক্ৰয় আৰু বিক্ৰীৰ সময়ত ক্ৰেতা বা বিক্ৰেতাৰ পৰিচয় পৰীক্ষা কৰিবলৈ, নিৰাপদ স্থানত লগ হ’বলৈ, মূল্যৱান সামগ্ৰী গতাই দিয়াৰ পূৰ্বে ধন লাভ আৰু নিশ্চিতকৰণ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

---------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande