
দৰং, ২১ আগষ্ট (হি.স.)। মেঘালয়ৰ ঘটনাৰ ওপৰত দুখ প্ৰকাশ মন্ত্ৰী চৰন বড়োৰ।
আমি সকলোৱে দুখ পাইছোঁ, এইটো হ'ব নালাগিছিল,মেঘালয় ট্যুৰিজিমৰ ক্ষেত্ৰত বহুত আগবাঢ়িছে, মেঘালয়ত যিমান ট্যুৰিষ্ট যায় সকলো অসম হৈয়েই যায়। দুয়োখন ৰাজ্যৰ ব্যৱসায়িক পৰিবেশ যঠেষ্ট ভাল হৈছে, দুখন ৰাজ্যৰ বিষয় গতিকে দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনা কৰি সমস্যাৰ সমাধান কৰিব লাগিব।
তেও উল্লেখ কৰে, ইতিমধ্যে আলোচনা হৈ আছে। আগৰ পৰিবেশ ঘুৰি আহিব অতি শীঘ্ৰে।
আজি মঙলদৈত অনুষ্ঠিত এক চৰকাৰী কাৰ্য্যসূচীত উপস্থিত হৈ মেঘালয়ত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ ওপৰত পৰিবহণ মন্ত্ৰী চৰন বড়োৰ দায়সৰা মন্তব্য কৰা পৰিলক্ষিত হ'ল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা